অসম

বিশ্বনাথ জিলা বাচোৱাৰ ফুটবল ক্লাৱৰ উদ্যোগত বিনামূলীয়া পাঠ্যক্ৰম : ৰাষ্ট্ৰীয় খেলুৱৈ মুনমী দাসক সম্বৰ্ধনা

সংবাদদাতা, বিশ্বনাথ:- বিশ্বনাথ জিলা মুখৰগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত নিলপুৰ চাহ বাগিচাত বিশ্বনাথ জিলা বাচোৱাৰ ফুটবল ক্লাৱৰ উদ্যোগত চাহ বাগিচাৰ এল.পি. স্কুলত কালি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়া পাঠদান দিয়া ব্যৱস্থা গ্ৰহণ কৰা হয়। এই পাঠদান সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু ইংৰাজী এই তিনিটা বিষয়ৰ ওপৰত বিনামূলীয়াকৈ আৰম্ভ কৰা হয়। উক্ত অনুষ্ঠানটিৰ আৰম্ভণিত এখন সভা অনুষ্ঠিত হয়। বিশ্বনাথ বাচোৱাৰ ফুটবল ক্লাৱৰ উপদেষ্টা গণেশ বাচোৱাৰৰ সভাপত্বিত অনুষ্ঠিত হোৱা সভাখনত বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰৱক্তা দিলীপ বৰা, বিজ্ঞান প্ৰৱক্তা ড° ৰাহুল শৰ্মা, খৰাশিমলু হাইস্কুলৰ শিক্ষক ধ্ৰুৱ হাজৰিকা, শান্তিদেবী বৰুৱা, বাগিচাৰ পৰিচালক অংগদ সিং উপস্থিত থাকি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্ৰ-ছাত্ৰী সকলক তেওঁলোকৰ পঢ়াৰ প্ৰতি আগ্ৰহ আৰু মনোৱল বঢ়াবলৈ বিভিন্ন দিশত বক্তব্য প্ৰদান কৰে।

এই পাঠ্যক্ৰম আৰম্ভণী সভাত বিশ্বনাথ বাচোৱাৰ ফুটবল ক্লাৱৰ সভাপতি লগণ বাচোৱাৰ, সম্পাদক চটন বাচোৱাৰ, লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঘুপতি ওৰাং, আৰু বহু গণ্যমান্য ব্যক্তিকে আদি কৰি বহুতো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে। ইয়াৰ পিছত গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ খেলৰ কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা বিশ্বনাথৰ গেলাপুখুৰীৰ মুনমী দাসক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে আটছাৰ প্ৰতাপগড় প্ৰাথমিক গোটৰ উদ্যোগত প্ৰতাপগড় আদৰ্শ এম.ই. স্কুলত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰী সকলক শীতকালীন দুমহীয়া সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু ইংৰাজী বিষয়ৰ বিনামূলীয়া পাঠদান আৰম্ভ কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: