অসম

বিশ্ব আদিবাসী দিৱসৰ দিনাই ওদালগুৰিত গৰজি উঠিল ‘আছা’

সংবাদদাতা, টংলা:- আজি বিশ্ব আদিবাসী দিৱস। সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে আদিবাসী জনগোষ্ঠীয় লোকসকলে বিশ্ব আদিবাসী দিৱস উদযাপন কৰিছে। অতীতৰ পৰাই বসবাস কৰি অহা আদিবাসী জনগোষ্ঠীটো বিভিন্ন

সময়ত লাঞ্ছিত-বঞ্চিত হৈ আহিছে। চৰকাৰে ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰা বৃহত্তৰ এই জনগোষ্ঠীয় লোকসকলৰ উন্নয়ণৰ হকে একো কাম কৰা চকুত নপৰিল। সেয়ে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ যোৰপুখুৰী আঞ্চলিক সমিতিৰ

উদ্যোগত ২ ঘন্টীয়া মানৱ শৃংখল কাৰ্যসূচী হাতত লয়। আদিবাসী জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীৰ লগতে ভূমিৰ পট্টা প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ কৰাৰ দাবীৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক

সংগঠনটোৰ সভাপতি বিবেক মুণ্ডা আৰু সম্পাদক ফুলজেন বাৰৱা য়ে আহ্বান জনায় কয় যে,’ চৰকাৰখনে যাতে আমাৰ সমস্যা সমূহৰ লগতে যিসমূহ দাবী সেইবোৰ সোনকালে যাতে পূৰণ কৰে। পূৰ্বৰ চৰকাৰৰ দৰে প্ৰতাৰিত  নকৰিবলৈ আহ্বান জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: