অসম

বিশ্ব পৰিবেশ দিৱস উপলক্ষে কন্যকা কৃষি পামত বৃক্ষৰোপণ : ১ লাখ গছপুলি ৰোৱাৰ লক্ষ্য বিধায়ক পদ্ম হাজৰিকাৰ ।

সংবাদদাতা, জামুগুৰিহাট :- জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ পাৰত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত প্ৰায় তিনি হাজাৰৰো অধিক ভূমিত গঢ়লৈ উঠা বিশাল কৃষি পাম ‘কন্যকা’ত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি এক বৃক্ষৰোপণৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় । পূব শোণিতপুৰ বন সংমণ্ডল কাৰ্যালয়, ডিপলুঙা আঞ্চলিক বন কাৰ্যালয় তথা ইক’ টাৰ্স্ক’ ফৰ্চৰ সৌজন্যত আজি আনুষ্ঠানিক এই কাৰ্যসূচীত পাঁচ হাজাৰ গছ পুলি ৰোপন কৰা হয়।

পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত কন্যকা বহুমুখী কৃষি পামত বহু কেইটা মূল্যবান প্ৰজাতিৰ গছ পুলি ৰোপন কৰা হয় । এক লাখ গছপুলি ৰোপনৰ লক্ষ্য ৰখা আজিৰ এই কাৰ্যসূচী ভূমি পূজনেৰে আৰম্ভ কৰা হয় । কন্যকাৰ জন্মদাতা তথা বিধায়ক পদ্ম হাজৰিকাই ভূমি পুজনৰ জৰিয়তে গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰি কন্যকাৰ লগতে অসমখন গছে বনে জাতিষ্কাৰ হৈ এক সুস্থ পৰিবেশ বিৰাজ কৰাৰ কামনা কৰে । এই কাৰ্যসূচীত পূৱ শোণিতপুৰ জিলা

বন প্ৰধিকাৰী জয়শ্ৰী নেইডিং, নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আকাশদ্বিপ কাকতি, নদুৱাৰ খণ্ড উন্নয়ন বিষয়া পল্লৱ শৰ্মা, ইক’ টাৰ্স্কৰ অবিনাশ, কৰ্ণেল লোহিত শ্ৰী বাস্তৱ, দিকৰাই চাহ বাগিচাৰ পৰিচালক উপৰিও স্থানীয় ছেচ্ছাসেৱী সংগঠন জাগৰণ য়ুথ ক্লাৱে সহযোগিতা আগবঢ়াই । এই কাৰ্যসূচীত বিধায়ক পদ্ম হাজৰিকাৰ লগতে পূৱ শোণিতপুৰ জিলাৰ বন প্ৰাধিকাৰী, চাহ বাগিচা পৰিচালক, ইক’ টাৰ্স্ক ফৰ্চৰ জোৱান সকলেও একোটাকৈ গছ পুলি ৰোপণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: