অসম

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দৰঙৰ ধূলাত বৃক্ষৰোপন

সংবাদদাতা, ধূলা : আজি বিশ্ব পৰিবেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে অসম তথা দৰং জিলাতো সকলো লোকেই পালন কৰিলে বিশ্ব পৰিবেশ দিৱস। দৰং জিলাৰ অন্তৰ্গত ধূলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান সমূহত বিভিন্ন দল-সংগঠনে গছপুলি ৰোপণ কৰা দেখিবলৈ পোৱা যায়। বিশ্ব পৰিবেশ দিৱস উপলক্ষে পূব-মঙলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গোবিন্দ কলিতা আৰু পঞ্চায়ত সভানেত্ৰী অনিতা ৰাজবংশীয়ে ৩টাকৈ গছ পুলি ৰোপন কৰে পঞ্চায়ত চৌহদত।

আনহাতে উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ “নেমছু”ৰ বালাবাৰী আঞ্চলিক সমিতিয়ে বিশ্ব পৰিবেশ দিৱস উপলক্ষে এক বহল ভিত্তিত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে। ২নং থেকেৰাবাৰী প্ৰাথমিক বিদ্যালয়ত যৌথভাবে আয়োজন কৰা বৃক্ষৰোপন কার্যসূচীত মুখ্য অথিতি হিচাপে উপস্থিত থাকে “নেমছু”ৰ দৰং জিলা সমিতিৰ সভাপতি ছাবিনুৰ আলী(ছাব্বিৰ) আৰু লগতে উপস্থিত থাকে নেমছুৰ দৰং জিলা সমিতিৰ সহকাৰী সম্পাদক ৰহিম আলি।

আঞ্চলিক সমিতিয়ে বহু কেইটা গছপুলি ৰোপন কৰে। ৰোপন কৰা গছ পুলিকেইটা বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি হাচিবোৰ ৰহমানে হেঙাৰ দি ডাঙৰ দীঘল হোৱাত যত্ন লব বুলি জনায়। বিশ্বত সকলো ধৰণৰ দুৰ্যোগ তথা বিশেষকৈ কৰুণা মহামাৰী ধৰণৰ ভয়াবহ দুৰ্যোগ সমূহ বিশ্বৰ পৰা নিৰ্মূল কৰি মানৱ সমাজত শান্তি প্ৰতিষ্ঠিত  কৰাৰ হকে সমূহ অসম বাসীক আগবাঢ়ি আহিবলৈ সভাপতি গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: