অসম

বিশ্ব ব্ৰেইল দিৱস পালন

সংবাদদাতা, পশ্চিম যোৰহাট:- বিশ্ব ব্ৰেইল দিৱস অন্যান্য স্থানৰ লগতে উত্তৰ-পশ্চিম যোৰহাট শিক্ষা খণ্ডয়ো ৪ জানুৱাৰীত পালন কৰে। সৰ্বাত্মক শিক্ষা গোটৰ উদ্যোগত ৫৭৪ নং বৰহুজ প্ৰাথমিক বিদ্যালয়ত এলেকাটোৰ শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰত চাৰিগৰাকীকৈ শিক্ষার্থী আৰু একোগৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত অনুষ্ঠিত দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰি শিক্ষা খণ্ডটোৰ সমন্বিত শিক্ষা গোটৰ সমল ব্যক্তি নীতা দত্ত, ৰিন্তুমণি গগৈ, ৰূপৰেখা বৰাই দিৱসটো পালনৰ সম্পর্কত ব্যাখ্যা কৰে। শিক্ষা খণ্ডটোৰ সমল ব্যক্তি পল্লৱী কোঁৱৰ, চাৰিঙীয়া মণ্ডলটোৰ সমন্বয়ক যাদৱ কাকতিয়ে বক্তব্য আগবঢ়োৱা দিৱসত পতাকা উত্তোলন কৰে নাজলীনা আহমেদে, বন্তি প্ৰজ্বলন কৰে ভবেন দাসে। অংশগ্রহণকাৰী শিক্ষার্থীসকলৰ অংশগ্রহণেৰে অনুষ্ঠিত প্ৰতিযোগিতাত স্থান প্ৰাপ্তসকলক পৰমানন্দ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পুৰষ্কাৰ প্ৰদান কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: