অসম

বিশ্ব AIDS দিৱসত মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ সম্বৰ্ধনা

সংবাদদাতা, ভূৰবন্ধা আৰু মৰিগাঁও:- বিশ্ব AIDS দিৱস উপলক্ষে বুধবাৰে মৰিগাঁও জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ, জিলা আইন সেৱা প্ৰাধিকৰণ, বঘৰা ৰাজ্যিক চিকিৎসালয়, জীৱন জেউতি কৃষক সংঘ আৰু জ্ঞান জ্যোতি পুথিভঁৰাল আৰু যুৱক সংঘৰ উমৈহতীয়া প্ৰচেষ্টাত শিলসাঁকো স্বৰ্গীয় গেণ্ডুৰাম ডেকা মঞ্চত উদযাপন কৰে। উক্ত অনুষ্ঠানত অঞ্চলটোৰ ধীৰমতী ডেকা নামৰ এগৰাকী ১০৫ বছৰীয়া অশীতিপৰ আইতাক জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ হৈ মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই মঞ্চৰ পৰা নামি আহি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ উপৰিও

যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নবীন ভূঞাও আইতা গৰাকীৰ চৰণ চুই সেৱা লোৱা মুহূৰ্তটো আছিল সঁচাকৈয়ে এক নৱপ্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ। বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ লগতে অসমৰ মৰিগাঁও জিলাটো বিগত সময়চোৱাত স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি প্ৰায় ২১৯ গৰাকী HIV Positive ৰোগী বৰ্তমান সময়ত চিকিৎসা গ্ৰহণ কৰি আছে বুলি জানিব পৰা গৈছে। HIV Positive মানেই AIDS নহয়। ইয়াৰ উপৰিও এনে ৰোগত আক্ৰান্ত ৰোগী সকলক সদায় মৰমৰ দৃষ্টিৰে চোৱা চিতাৰ লগতে ঘৃণা নকৰিবলৈ সকলোকে জিলা উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে ভাষণ প্ৰসংগত আহ্বান জনায়।

এই ৰোগবিধ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সমাজৰ প্ৰতিগৰাকী ব্যক্তিবিশেষৰ লগতে যুৱক-যুৱতী আৰু অভিভাৱক-অভিভাৱিকা সকলে সজাগ হোৱাতু নিতান্তই বাঞ্ছনীয়। অনুষ্ঠানটিৰ পুৱা বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰাৰ লগতে এটি সজাগতা মূলক শোভাযাত্ৰা উলিওৱা পৰিলক্ষিত হয়। AIDS ৰোগৰ ওপৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে সজাগতা মুলক এটি স্ব-ৰচিত গীত পৰিৱেশন কৰে অৰূপা ডেকা বৰদলৈ নামৰ এগৰাকী অঙ্গনাবাড়ী কৰ্মীয়ে। আনহাতে অনুষ্ঠানটিত এগৰাকী HIV পজিতিভ মহিলাই তেওঁৰ জীৱনত ঘটি যোৱা হৃদয়স্পৰ্শী জীয়া ঘটনাৰ বৰ্ণনা আগবঢ়োৱাৰ সমান্তৰালকৈ সকলোকে HIV ৰোগীসকলৰ প্ৰতি যথোচিত মৰম আৰু সন্মান কৰিবলৈ আহ্বান জনায়।

জীৱন জেউতি কৃষক সংঘৰ সমন্বয়ক তুলসী ডেকাই সঞ্চালনা কৰা আৰু জ্যোতিষ বৰ্মনে আতঁ ধৰা অনুষ্ঠানটিত উপস্থিত আছিল মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নবীন ভূঞা, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব ছয়েদা ফৰিদা আফজল জিন্নত, বঘৰা ৰাজ্যিক চিকিৎসালয় চিকিৎসক ডাঃ অমৰজ্যোতি ডেকা। শিলসাঁকো জ্ঞান জ্যোতি পুথিভঁৰাল আৰু যুৱক সংঘৰ বিষয়ববীয়া সকলৰ লগতে অঞ্চলবাসী ৰাইজক সহযোগিতা আছিল সন্তোষজনক। মৰিগাঁও জিলা কবি সন্মিলনৰ সাংগঠনিক সম্পাদক ভৰত কুমাৰ নাথৰ তত্ত্বাৱধানত উপস্থিত সকলোৱে বুকুত হাত থৈ অসমৰ জাতীয় সংগীতটি পৰিৱেশন কৰি সঁহাৰি জনোৱা কাৰ্যক উদ্যোক্তাসকলে ধন্যবাদ জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: