অসম

বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহ: শিক্ষয়ত্ৰী তৰুলতা বৰা চুতীয়াৰ বিদায় সম্বৰ্ধনা

সংবাদদাতা, সৰুপথাৰঃ- ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহ: শিক্ষয়ত্ৰী তৰুলতা বৰা চুতীয়াক অৱসৰৰ পিছত আনুষ্ঠানিকভাৱে বিদ্যালয়ৰ প্ৰাঙ্গনত দিলীৰাম দিয়ালীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। ১৯৭৮ চনতে অঞ্চলটোৰ বহু কেইজন সমাজসচেতন ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়খনত ১৯৮৭ চনত তৰুলতা বৰা চুতীয়ায়ে কৰ্মজীৱনৰ পাতনি মেলিছিল। বহুত দিন বীনাবেতনে বোকাপথ অতিক্ৰম কৰি অত্যন্ত কষ্ট, নিয়মানুৱৰ্ত্তীতাৰে শিক্ষা দান কৰা শিক্ষয়িত্ৰী গৰাকীক বিদায় সম্বৰ্ধনা জনাবলৈ বহু সংখ্যক ৰাইজ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত হয়। অনুষ্ঠানত বিদায়ী শিক্ষয়ত্ৰীগৰাকীক এক আৱেগিক পৰিবেশত বিদ্যালয়ৰ প্ৰধান শিক্ষক লক্ষণ চেত্ৰী, বিদ্যালয়ৰ কণকণ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, মহিলা আত্মসহায়ক গোট, বিদ্যালয় পৰিচালনা সমিতি, বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয় আৰু বিভিন্নজনে গামোচা, ফুলৰ মালা, থোপা, সফুৰা, সম্বৰ্ধনা পত্ৰ, উপহাৰ আদিৰে বিদায় সম্বৰ্ধনা জনায়। উক্ত সভাত শিক্ষক গুনীৰাম বড়ো, চিলনীজান পঞ্চায়তৰ সভানেত্ৰী সুমিত্ৰা থাপা, সমাজকৰ্মী বিৰবল দৰ্নাল, লক্ষ্মীপুৰ গাঁৱৰ গাঁওপ্ৰধান, শিক্ষক তথা প্ৰাক্তন ছাত্ৰ অৰ্জুন দৰ্নাল আদিকে ধৰি বহুতো স্থানীয় লোকে অংশগ্ৰহণ কৰি শিক্ষয়ত্ৰী গৰাকীৰ সংগ্ৰামী কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: