অসম

বীৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতিসৌধ নিৰ্মাণৰ আধাৰশিলা মুকলি বিধায়ক বিশ্বজিৎ ফুকনৰ

সংবাদদাতা, ধনশিৰি : ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মহান বীৰ শ্বহীদ কুশল কোঁৱৰৰ আজি ৭৮ সংখ্যক মৃত্যু দিৱস। ১৯৪৩ চনৰ আজিৰ দিনটোতেই সৰুপথাৰৰ শুকান নলাত ৰেল বগৰুৱাৰ অপৰাধত যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত বৃটিছে ফাঁচী দিছিল। আজিৰ এই স্মৃতি দিৱসতেই সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে মহান শ্বহীদ গৰাকী যি স্থানত ৰে’ল বগৰোৱা অপৰাধত বৃটিছে ফাঁচী দিছিল সেই স্থান সংৰক্ষণৰ হেতু

এটি স্মৃতিসৌধ নিৰ্মাণৰ বাবে আধাৰশিলা মুকলি কৰে। লগতে তেওঁ শ্বহীদ কুশল কোঁৱৰৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে আৰু শ্বহীদ জনাৰ জেষ্ঠ বোৱাৰীক এখনি ফুলাম গামোচাৰে সেৱা জনায়। কুশল কোঁৱৰৰ পৰিয়াল বৰ্গই এটি দীৰ্ঘদিনীয়া দাবী আৰু সপোন পুৰণৰ বাবে বিধায়ক বিশ্বজিৎ ফুকনে তাৎক্ষণিকভাৱে গ্ৰহণ কৰা পদক্ষেপক শলাগ জনায় আৰু সকলো আনন্দিত হৈ পৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: