অসম

বুঢ়ী আইৰ সাধু ‘জুজু বিদিনি ছাস্তাৰ’ৰ স্ৰষ্টা বিশিষ্ট ৰাভা সাহিত্যিক লক্ষীকান্ত ফেনানৰ এশ চাৰি বছৰত দেহাৱসান

গভীৰ শোক প্ৰকাশ ৰাভা জাতীয় সংগঠনৰ

সংবাদদাতা, দুধনৈ : ৰাভা ভাষা সাহিত্যৰ লগতে অসমীয়া সাহিত্যৰ এগৰাকী অগ্ৰণী সাহিত্যিক লক্ষীকান্ত ফেনানৰ আজি নিচেই পুৱা গোৱালপাৰা জিলাৰ দ্বাৰকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং বৰঝৰা গাৱঁৰ নিজ বাসভৱনত বাৰ্দ্ধক্যজনিত কাৰনত শেষ নিশ্বাস ত্যাগ কৰে। অসম সাহিত্য সভাৰ এগৰাকী আজীৱন

সভ্যৰ স্বীকৃতি পোৱা প্ৰয়াত ফেনানৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল এশ চাৰি বছৰ৷ উৎল্লেখ যে মাত্ৰ তেৰ বছৰ বয়সতে ৰাভা জনগোষ্ঠীৰ কিংবদন্তীমূলক কাহিনীৰ আধাৰত “ৰন্দনা-চন্দনা” নামৰ কাব্য গ্ৰন্থ ৰচনা কৰি উলিওৱাৰ লগতে লক্ষীকান্ত ফেনানে পৰবৰ্তী সময়ত

জীৱনজোৰা সাহিত্য চৰ্চাৰ কামত নিজকে আত্মনিয়োগ কৰি ৰাভা ভাষাৰ লগতে অসমীয়া ভাষা সাহিত্যৰ ভৰালত অমূল্য অৰিহণা আগবঢ়াই যায়৷ “জুজু বিদিনি ছাস্তাৰ” তেওঁৰ ৰচিত আন এখন বিখ্যাত গ্ৰন্থ যিটো ৰাভা ভাষাৰ উপৰিও অসমীয়া ভাষাতো প্ৰকাশ পাইছে৷

সাহিত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি ৰূপে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ পৰা ২০১৩-১৪ বৰ্ষত তাম্ৰপত্ৰৰ উপৰিও ৰাজেন ৰাভা সাহিত্য বঁটা লাভ কৰে৷ প্ৰচাৰ ভাৰতীৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰাও তেখেতে সম্বৰ্দ্ধনা পত্ৰ লাভ কৰিবলৈ সমৰ্থ হোৱাৰ লগতে ২০১৬ বৰ্ষৰ পৰা তেখেতে অসম সাহিত্য সভাৰো আজীৱন সদস্যৰ স্বীকৃতি লাভ কৰে৷

তেখেতৰ বিয়োগত নিখিল ৰাভা নিখিল ৰাভা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়চন্দ্ৰ দাবাং, ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হৰিছ চন্দ্ৰ ৰাভা, দ্বাৰকা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, দ্বাৰকা আঞ্চলিক ৰাভা সাহিত্য সভাৰ প্ৰতিনিধিয়ে তেখেতৰ বাসভৱনলৈ গৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে৷

বিশিষ্ট সাহিত্যিক জনৰ মৃত্যুত নিখিল ৰাভা মহিলা পৰিষদ আৰু নিখিল ৰাভা সাহিত্য সভা, সদৌ ৰাভা কৃষ্টি সন্মিলনৰ লগতে বহু সংখ্যক দল সংগঠন তথা সামাজিক সংস্থাই গভীৰ শোক প্ৰকাশ কৰে৷ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত তেওঁ পৰিয়ালৰ লগতে আত্মীয় কুটুম আৰু বহু গুণমুগ্ধক এৰি থৈ যায়৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: