সময়ৰ কলম

বৃত্তিৰ প্ৰতি শ্ৰদ্ধা | 23-01-021

লেখক : ড কমলাকান্ত দত্ত
মুখ্য আহ্বায়ক, অসম বাৰ্তা

এসময়ত দুৰ্নীতিৰ বোকাত পুত গৈ থকা লোকসেৱা আয়োগ আৰু উক্ত আয়োগে অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগীতামূলক পৰীক্ষা সমূহত কেলেংকাৰী ঘটি মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক হতাশ কৰি আছিল৷ কিন্তু সম্প্ৰতি এই আয়োগ আৰু আয়োগৰ কাম কৰা পদ্ধতি সংস্কাৰ কৰাৰ পিছৰে পৰা যোগ্যজনে বঞ্চিত ফল লাভ কৰিবলৈ সক্ষম হৈছে৷ আমাৰ যুৱকসকল পেছাগতভাৱে কৃষিকৰ্মত সম্প্ৰতি জড়িত হোৱাৰ ছবি বাতৰি কাকত বা টিভিৰ পৰ্দাত দেখিবলৈ পোৱাতো ৰাজ্যখনৰ বাবে এক উৎসাহৰ বতৰা৷ চৰকাৰক কৃষিখণ্ডত উদগনি যোগাবৰ অৰ্থে বিভিন্ন সুবিধা আগবঢ়াই আহিছে৷ ইয়াৰ জৰিয়তে আত্মসংস্থাপন লাভ কৰাৰ উপৰিও আগৰ ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাত সহায়ক হৈছে৷

পঢ়া-শুনাৰ বাবে যে বিশেষ খৰচ কৰিবলৈ নিবিচাৰে৷ ইয়াৰ ফলত সন্তানে কিতাপ কিনি পঢ়িবলৈ অসমৰ্থ হয়৷ ইমানখিনি আৰ্থিক অনাটনৰ মাজতো স্নাতক পৰ্যায়লৈকে অধ্যয়ন কৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ প্ৰয়োজন হোৱা কিতাপ, আলোচনী তথা বাতৰি কাকত যোগাৰ কৰিবলৈ এটা মোটা অংকৰ ধন খৰচ কৰিব লগা হয়৷ ইয়াৰোপৰি প্ৰ-পত্ৰ পূৰণ কৰা, পৰীক্ষা কেন্দ্ৰলৈ অহা-যোৱা কৰি পৰীক্ষা দিয়া তথা মৌখিক সাক্ষাৎকাৰৰ বাবে যাতায়তৰ খৰচ আদি আছেই৷ ইমানখিনি আৰ্থিক নাটনি অতিক্ৰম কৰি অসামৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ কৃতকাৰ্যতা লাভ কৰা ছাত্ৰগৰাকী সঁচাকৈ ধন্যবাদৰ পাত্ৰ৷ কিন্তু চুলি কাটি হোৱা উপাৰ্জন ভৱাৰ ধৰণে তেনেই তাকৰীয়া নহ’বও পাৰে৷ প্ৰতিদিনত গঢ় উপাৰ্জন কিমান টকা হ’ব পাৰে তাৰ সমীক্ষা কেতিয়াবা আমি চলাই চাইছো জানো? হয়টো ভাৱি লোৱাৰ দৰে বৃত্তিটো ইমান তাকৰীয়া আয় প্ৰদানকাৰী নহ’বও পাৰে৷ সেয়েহে বৃত্তিটোক উপাৰ্জনৰ ফালৰ পৰা হেয় দৃষ্টিৰে চোৱাটো দৃষ্টিসংগত নহয়৷

বাতৰিটোৰ লগত জড়িত দ্বিতীয় কথাটোৰ লগত আৱেগ জড়িত৷ অৰ্থাৎ বৃত্তিটোক যেন সন্মানৰ চকুৰে চোৱা হোৱা নাই এনে মনোভাৱহে প্ৰকাশ পাইছে৷ এনেধৰণে যিকোনো উপাৰ্জনমূলক বৃত্তিকেই সমাজে সন্মানৰ দৃষ্টিৰে চাই উৎসাহিত কৰাহে উচিত৷ কোনো কামেই সৰু নহয়৷ কেৱল কামৰ প্ৰতি সন্মান পোষণ কৰাটোহে উচিত৷ এই সম্পৰ্কত ইংলেণ্ডৰ প্ৰখ্যাত দাৰ্শনিক এজনে বিভিন্ন প্ৰসংগত উল্লেখ কৰিছে যে সকলো কামেই মহান৷ এজন ব্যক্তিয়ে নিজে প্ৰচন্দ কৰা কোনো এটি বৃত্তিৰ বা কামৰ লগত জড়িত হৈ থাকি উপাৰ্জন কৰাৰ লগতে যি মানসিক আনন্দ লাভ কৰে, সেই আনন্দই ব্যক্তিজনক মহান কৰিহে তোলে৷

কৃষিভিত্তিক অৰ্থনীতিৰ ৰাজ্য অসমত লাখ-লাখ নিবনুৱাই কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খায় আছে৷ হাজাৰ হাজাৰ যুৱকে কাম বিচাৰি ভাৰতৰ বিভিন্ন ৰাজ্য যেনে কেৰেলা, তামিলনাডু, গুজৰাট আদিত ঢাপলি মেলি ফুৰিছে৷ এটা সময়ত বিহাৰৰ ফালৰ পৰা অহা একশ্ৰেণী লোকে অসমত কিছুমান কামত থিতাপি লৈ উপাৰ্জন কৰিছিলহি৷ তাৰ ভিতৰত প্ৰধানকৈ মাটি কটা, কাঠফলা, চুলিকটা, জোতা চেণ্ডেল চিলাই বা ৰং কৰা, পকীঘৰ নিৰ্মাণ কৰা আদি কামবোৰ কৰিবলৈ টেক্টৰ, জেচিবি আদি ওলোৱাৰ পৰা মাটিৰ কাম কৰিবলৈ বাহিৰা বনুৱা অহাটো বন্ধ হৈ গ’ল৷ কাঠফলা মিলবিলাক স্থাপন হোৱাৰ পিছৰে পৰা আৰু সম্প্ৰতি বেটাৰী কৰটেৰে স্থানীয় লোকে কাঠ ফালিবলৈ লোৱাৰে পৰা বাহিৰৰ পৰা কৰতিয়াল সকল আহিবলৈ বন্ধ হৈ গৈছে৷

এটা সময়ত গাঁও-ভূই বিলাকত ‘খোলা’ পাতি ব্যৱসায় কৰিবলৈ বিহাৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ আদিৰ পৰা দোকানী সকল আহিছিল৷ এতিয়া অসমীয়া যুৱকে নিজে ব্যৱসায় বাণিজ্য কৰিবলৈ লোৱাৰে পৰা বাহিৰৰ ব্যৱসায়ী সকলক গাঁৱত দেখা নাযায়৷ গাঁৱে গাঁৱে চুলি কটা সঁজুলিৰ বাকচ এটা লৈ ঘূৰি ফুৰা বিহাৰ, উত্তৰ প্ৰদেশৰ লোকসকল বৰ্তমান অসমলৈ নহা হৈছে৷ ব্যৱসায়িক অঞ্চল সমূহত চেলুন খুলি থকা বাহিৰৰ লোকসকলৰ পৰিৱৰ্তে বৰ্তমান অসমীয়া লোকসকলক দেখিবলৈ পোৱাটো এটা ভালৰ লক্ষ্যণ বুলি ক’ব পাৰি৷ আজিৰ পৰা এবছৰমান আগতে মাজুলীৰ বিভিন্ন ঠাইত চেলুন খুলি সেৱা আগবঢ়োৱা যুৱকসকলে এখন সভা পাতিছিল আৰু উক্ত সভালৈ বিশিষ্ট সাহিত্যিক, ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছিল৷

হুছেইন ডাঙৰীয়াই অসমীয়া যুৱকসকলক চেলুন খুলিবলৈ উৎসাহিত কৰি আহিছে৷ চুলি কটা বৃত্তিটোক বৰ্তমান অসমীয়া সমাজখনে সন্মানৰ দৃষ্টিৰে চাবলৈ ধৰিছে৷ ইও এটি ইতিবাচক দিশ৷ ফেচবুকত দেখা পাইছিলোঁ – এগৰাকী দেউতাকক ঠেলা এখনত বহুৱাই গাভৰু জীয়েকে ঘূৰাই ফুৰাইছে৷ দেউতাকে ঠেলা চলাই পৰিয়ালটোক ভৰণ পোষণ দিছিল৷ সেই সীমিত উপাৰ্জনৰ মাজতো জীয়েকে উচ্চ শিক্ষা গ্ৰহণ কৰি ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু ভাৱে অনাদৰে দেউতাকক সন্মান জনাইছে লগতে ঠেলা চলোৱা বৃত্তিটোকো ঠেলাত দেউতাকক লৈ ঘূৰি৷ অলপতে আৰু এটা উৎসাহজনক বাতৰি পঢ়িবলৈ পালোঁ – শিৱসাগৰৰ দৌলমুখত ক্ষুদ্ৰ পান দোকান দি দেউতাকে পৰিয়াল পোহপাল দিছিল৷ মেধাবী পুতেকে উচ্ছ শিক্ষা গ্ৰহণ কৰি অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুক্তি লাভ কৰি বৰ্তমান কৰ্মৰত৷ বন্ধত ঘৰলৈ আহিলে দেউতাকৰ দোকানত বিক্ৰীৰ কামত পুতেক জড়িত হয় আৰু তাকে কৰি দেউতাকক সহায় আৰু সন্মান প্ৰদৰ্শন কৰে৷

উপৰোক্ত উদাহৰণ সমূহেই হ’ল যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী সকলক অনুপ্ৰেৰণা যোগোৱা একোটাকৈ উদাহৰণ৷ অৰ্থাৎ মনপুতি অধ্যয়ন কৰি একাগ্ৰতাৰে যত্ন কৰিলে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰি৷ দৰিদ্ৰতা সফলতাৰ বাটত কেতিয়াও বাধা হ’ব নোৱাৰে৷ অন্যহাতে নিজৰ ঘৰখনৰ পোহপালৰ বাবে গ্ৰহণ কৰা যিকোনো বৃত্তিয়েই সন্মানজনক হ’ব পাৰে৷ এতিয়া চৰকাৰে ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নৰ বাবে সকলো সুবিধাই আগবঢ়াইছে৷ এসময়ত দুৰ্নীতিৰ বোকাত পুত গৈ থকা লোকসেৱা আয়োগ আৰু উক্ত আয়োগে অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগীতামূলক পৰীক্ষা সমূহত কেলেংকাৰী ঘটি মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক হতাশ কৰি আছিল৷ কিন্তু সম্প্ৰতি এই আয়োগ আৰু আয়োগৰ কাম কৰা পদ্ধতি সংস্কাৰ কৰাৰ পিছৰে পৰা যোগ্যজনে বঞ্চিত ফল লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰী সকলৰ মনলৈ অহা বিশ্বাস আৰু উৎসাহ ঘূৰি আহিছে৷ লাগে কেৱল মনৰ দৃঢ়তা আৰু অধ্যয়নত কঠোৰ পৰিশ্ৰম কৰাৰ মানসিকতা৷

আমাৰ যুৱকসকল পেছাগতভাৱে কৃষিকৰ্মত সম্প্ৰতি জড়িত হোৱাৰ ছবি বাতৰি কাকত বা টিভিৰ পৰ্দাত দেখিবলৈ পোৱাতো ৰাজ্যখনৰ বাবে এক উৎসাহৰ বতৰা৷ চৰকাৰক কৃষিখণ্ডত উদগনি যোগাবৰ অৰ্থে বিভিন্ন সুবিধা আগবঢ়াই আহিছে৷ ইয়াৰ জৰিয়তে আত্মসংস্থাপন লাভ কৰাৰ উপৰিও আগৰ ৰাজ্যখনক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাত সহায়ক হৈছে৷ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনত ৰাজ্যৰ যুৱক-যুৱতীসকল জড়িত হ’বলৈ ধৰিছে৷ এই সকলোবোৰ সম্ভৱ হৈছে যিকোনো ব্যক্তিৰ প্ৰতি প্ৰদৰ্শন কৰা সন্মান আৰু শ্ৰমৰ প্ৰতি দেখুওৱা মৰ্যাদা৷ এই মনোভাৱ যদি সৰ্বজনীন হয় তেতিয়াহ’লে আমি আত্মমৰ্যাদা সহকাৰে যে জীয়াই থাকিব পাৰিম সেইয়া নিশ্চিত৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: