অসম

বেটাৰ লাইফৰ উদ্যোগত গৰুৱাঝাৰত বিনামূলীয়া মাতৃত্ব শিবিৰ

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ পানেৰীস্থিত বেটাৰ লাইফ চিকিৎসা কেন্দ্ৰৰ উদ্যোগত আজি ওদালগুৰি জিলাৰ গৰুৱাঝাৰত এদিনৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ মাতৃত্ব শিবিৰ আয়োজন কৰে। বেটাৰ লাইফৰ প্ৰতিষ্ঠাপক ড° ছায়ান্তনি ভট্টাচাৰ্যীয়ে জানিব দিয়া মতে পিছপৰা অঞ্চলৰ বহুতো দুখীয়া পৰিয়ালে আৰ্থিক সমস্যাৰ বাবে গৰ্ভৱতী মহিলা সকলৰ প্ৰাথমিক পৰীক্ষা তথা চিকিৎসা সমূহ কৰিবলৈ সক্ষম নহয়। যাৰ ফলত গৰ্ভৱতী মহিলাৰ গৰাকীয়ে বহুখিনি সমস্যাৰ সন্মুখীন হব লগীয়া হয়। আজিৰ এই এদিনীয়া বিনামূলীয়া মাতৃত্ব শিবিৰত গৰুৱাঝাৰ অন্তৰ্গত সকলো গৰ্ভৱতী মহিলাৰ প্ৰাথমিক পৰীক্ষা, হিমগ্লবিন পৰীক্ষা, হেপাটাইটিছ বি পৰীক্ষা আদি গৰ্ভৱতী মহিলাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আনফালে উক্ত শিবিৰত গৰ্ভৱতী মহিলাসমূহক সম্পূৰ্ণ বিনামূলীয়াভাৱে আইৰন আৰু কেলচিয়ামৰ ঔষধ আৰু লঘু আহাৰ বিতৰণ কৰে বেটাৰ লাইফে। বেটাৰ লাইফৰ এনে পদক্ষেপক সমূহ গৰুৱাঝাৰবাসী ৰাইজে শলাগ লয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: