অসম

বোৱাৰী নিৰ্যাতনকাৰীক তামাৰহাট আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ

তিনি অপৰাধীক আটক কৰিও মুকলি কৰি দিয়াৰ অভিযাগ

সংবাদদাতা, গোসাইগাঁও: ধুবুৰী জিলাৰ তামাৰহাট থানাৰ আৰক্ষীয়ে বোৱাৰী নিৰ্যাতনকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে৷ তিনি অপৰাধীক আটক কৰিও মুকলি কৰি দিয়াৰ অভিযোগ৷ উল্লেখ্য যে গোসাইগাঁও মহকুমাৰ অন্তৰ্গত আহমেদপুৰ গাঁৱৰ বাসিন্দা নূৰ মহম্মদৰ জীয়ৰী নূৰবানু বিবিৰ তামাৰহাট থানাৰ অন্তৰ্গত হৰিপুৰ গাঁৱৰ বাসিন্দা মোহৰ আলীৰ পুত্ৰ আমিনুৰ ৰহমানৰ সৈতে সোতৰ বছৰ পূৰ্বে ইছলাম ধৰ্মীয় নীতি-নিয়মমতে সম্পন্ন হৈছিল৷

কিন্তু বিবাহৰ কিছুদিন পিছৰ পৰাই লম্পট আমিনূৰ ৰহমানে পত্নীক নিৰ্যানত চলাইছিল৷ যোৱা ১৪ মে’ত আমিনূৰে পত্নীক মাৰপিট কৰি পিতৃ গৃহলৈ খেদি পঠিয়ায়৷ পিছত হাতীধুৰা ব্লক মানৱ অধিকাৰ ৰক্ষা পৰিষদৰ উদ্যোগত যোৱা ১৮ মে’ত অনুষ্ঠিত সভাত সকলো বিষয় মিমাংসা হয়৷ সেইমতে নূৰবানু বিবিয়ে ১৯ মে’ত স্বামী গৃহত উপস্থিত হোৱাৰ লগে লগে স্বামী আমিনূৰ ৰহমানৰ নেতৃত্বত পৰিয়ালৰ সদস্যই নূৰবানু বিবিক আক্ৰমণ কৰি খেদী পঠিয়ায়৷ ঘটনা সন্দৰ্ভত নূৰবানু বিবিয়ে স্বামী আমিনূৰ ৰহমানৰ

লগতে মোহৰ আলী, আবুল শেখ, মইলুল হক, আক্ৰাৰ আলী, হাফিজুল শ্বেখ, হামিদ আলী, আৱৰণ বিবি, মনোৱাৰা বিবি, মফিদা বিবি, পৰজাহান বিবি আৰু আজাদ শ্বেখৰ বিৰুদ্ধে তামাৰহাট থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ অধীনত ১৪৩/৩৪১/৩২৫/৩৭৯/৫০৬ ধাৰাত ১১১/২১ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি আবুল শ্বেখ, হাফিজুল শ্বেখ আৰু মোহৰ আলীক আটক কৰিছিল যদিও নিৰ্যাতনকাৰী স্বামী আমিনূৰ

ৰহমান সহ আনকেইজ আচামী পলাতক অৱস্থাত আছে৷ আৰক্ষীয়ে মূল অভিযুক্ত আমিনূৰ ৰহমানক আটক কৰিব নোৱাৰৰ লগতে আটক কৰা তিনিজন আচামিকো মুকলি কৰি দিছে৷ আৰক্ষীৰ এনে স্থিতিক ভুক্ত নূৰবানু বিবিৰ পৰিয়ালে সমালোচনা কৰাৰ লগতে তামাৰহাট আৰক্ষীয়ে অপৰাধী ৰক্ষনা-বেক্ষন দিয়াৰ অভিযোগ উত্থাপন কৰিছে৷ নূৰবানু বিবিৰ পৰিয়ালে ঘবনাটো ধুবুৰী জিলা আৰক্ষী অধীক্ষকক হস্তক্ষেপ বিচাৰি উচিত ন্যায়ৰ আবেদন বিচাৰে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: