ক্ৰীড়া

ব্ৰঞ্জতে সীমাবদ্ধ থাকিল লাভলীনা; চেমিফাইনেলত শোচনীয় পৰাজয়

টকিঅ’ অলিম্পিক-২০২০ৰ মহিলা শাখাৰ বক্সিঙৰ ছেমিফাইনেলত (৬৯ কিলোগ্ৰাম) বিশ্বৰ ভিতৰতে শীৰ্ষত থকা বুচেনাজ সুৰমেনেলীয়ে ভাৰতৰ লাভলীনা বৰগোহাঁইক পৰাস্ত কৰিছে।

এই পৰাজয়ৰ পিছতেই, ২৩ বছৰীয়া লাভলিনাই ২০২০ চনৰ টকিঅ’ত কঠোৰ যুঁজৰ অন্ত:ত ব্ৰঞ্জৰ পদকতে সীমাবদ্ধ থাকিব লগা হয়। লাভলীনা, মেৰী কম আৰু বিজেন্দ্ৰ সিঙৰ পিছতেই অলিম্পিকত বক্সিঙৰ বাবে পদক জয় কৰা তৃতীয়গৰাকী ভাৰতীয় বক্সাৰ।

আনহাতে অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া। লাভলীনাৰ এই জয়যাত্ৰাই অসমত এক উচাহৰ বন্যা সৃষ্টি কৰিছে। আমাৰ পৰিয়ালৰ তৰফৰ পৰাও লাভলীনালৈ জনালোঁ অযুত শুভেচ্ছা।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: