অসম

ব্ৰহ্মপুত্ৰত নিখোজ হোৱা নীলিমা ঠাকুৰীয়াক জীয়াই ৰখাৰ প্ৰয়াস

সংবাদদাতা, কমলাবাৰী:- বিগত বছৰ মাজুলীৰ অফলামুখত ফেৰীৰপৰা পিছলি পৰি ব্ৰহ্মপুত্ৰত নিখোজ হোৱা মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৰেন চন্দ্ৰ ঠাকুৰীয়াৰ সহধৰ্মিণী নীলিমা ঠাকুৰীয়াৰ এক স্মৃতিচাৰণ সভা আজি মাজুলী মহাবিদ্যালয়ৰ কেশবৰাম বৰা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। সম্পূৰ্ণ ক’ভিড নীতি মানি অনুষ্ঠিত কৰা স্মৃতিচাৰণ সভাৰ সৈতে সংগতি ৰাখি প্ৰয়াত মহীয়সী নাৰীগৰাকীৰ জীৱনকৰ্মৰ খতিয়ান সমৃদ্ধ ‘নিৰভিমানী নীলিমা’ শীৰ্ষক শ্ৰদ্ধাঞ্জলি-গ্ৰন্থখনিও উন্মোচন কৰা হয়। দিনৰ এঘাৰ বজাৰপৰা অনুষ্ঠিত হোৱা সভাৰ প্ৰাৰম্ভণিতে, গান্ধীজয়ন্তী উপলক্ষে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পাছতে আদৰ্শ মহিলাগৰাকীৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে মাজুলী মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি অৱনী কুমাৰ দত্তই। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ তথা গ্ৰন্থ উন্মোচনী সভাখনিৰ আৰম্ভণিতে প্ৰতিভাসম্পন্ন শিল্পী অনন্ত পগাগে লোকগীত পৰিবেশন কৰি সকলোকে মোহিত কৰে। অধ্যাপক তুলসী ৰাজখুৱাই আঁত ধৰা সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে পীতাম্বৰ দেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ঘনকান্ত নাথে। আদৰণি ভাষণ আগবঢ়াই প্ৰয়াত নীলিমা ঠাকুৰীয়াৰ স্বামী নৰেন চন্দ্ৰ ঠাকুৰীয়াই মাজুলীৰ প্ৰতি চৰকাৰী পক্ষ সদয় নহ’লে মাজুলীবাসীয়ে নীলিমা ঠাকুৰীয়াৰ দৰে হাজাৰগৰাকী বিদুষী মহিলাক হেৰুৱাব লাগিব বুলি মন্তব্য কৰে। সভাত ডঃ দেৱজ্যোতি ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত শ্ৰদ্ধাঞ্জলি-গ্ৰন্থ ‘নিৰভিমানী নীলিমা’ উন্মোচন কৰি বিশিষ্ট লেখক তথা জেংৰাইমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেন্দ্ৰ নাথ মুদৈয়ে কয়, ‘ভাৰতীয় নাৰীৰ আন এটা শাশ্বত নাম হৈছে ত্যাগ। এগৰাকী নাৰীয়ে ত্যাগৰ যি আদৰ্শ সমাজত এৰি থৈ যায়, তাৰ মাজেৰেই নিজৰ প্ৰকৃতিদত্ত মনৰ স্থিতি অবিস্মৰণীয় কৰে। ত্যাগৰ আদৰ্শৰ সংবৰ্ধন কৰিবলৈ সকলো নাৰীক আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন নহয়। ‘ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি নতুন কমলাবাৰী সত্ৰৰ ডেকাধিকাৰ সত্যজিত মহন্তই আদৰ্শ মহিলা নীলিমা ঠাকুৰীয়াই সমাজজীৱনলৈ আগবঢ়োৱা বৰঙনিৰ বিষয়ে উল্লেখ কৰে। সমজুৱাৰ ফালৰ পৰা বক্তব্য আগবঢ়ায় সৰ্বেশ্বৰ হাজৰিকা, উমাকান্ত ৰাজখোৱা, কমল চন্দ্ৰ শইকীয়া, কৰুণা বৰা, ডঃ আনন্দ হাজৰিকা, অমৃতেশ্বৰ চুতীয়া, ডলী বৰুৱা, লোহিত বৰা, ডিম্বেশ্বৰ দত্ত, জীৱন বৰুৱা, ডিম্বেশ্বৰ শইকীয়া, ডঃ লীমা দত্ত আদিয়ে। উল্লেখযোগ্য যে ২০২০ বৰ্ষৰ ৮ জুলাইত গুৱাহাটীৰপৰা মাজুলীৰ নিজা গৃহলৈ আহি থাকোঁতে অফলামুখ ঘাটত ফেৰীৰ পৰা পিছলি পৰি ভৰা ব্ৰহ্মপুত্ৰত নিখোজ হোৱা নীলিমা ঠাকুৰীয়াৰ পাছত কোনো সম্ভেদ নোপোৱাত সেই দুৰ্ঘটনাতেই নীলিমা ঠাকুৰীয়াৰ মৃত্যু হোৱা বুলি ধৰি লৈ বিধিমতে কামকাজ সম্পন্ন কৰা হয়। বিদুষী মহিলাগৰাকীৰ আদৰ্শ জীয়াই ৰাখিবৰ বাবে পৰিয়ালৰ লোকে মাজুলী মহাবিদ্যালয়লৈ তিনিসহস্ৰাধিক গ্ৰন্থ দান দিয়াকে ধৰি গ্ৰহণ কৰা এনে পদক্ষেপত বিদ্বৎসমাজে সন্তোষ প্ৰকাশ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: