অসম

ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াত নিঃচিহ্ন হোৱাৰ পথত শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান পাতেকীবড়ী সত্ৰ

সংবাদদাতা, লাহৰীঘাট:– মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ উত্তৰাঞ্চল আজি গড়াখহনীয়াৰ কবলত পৰি দিশহাৰা হৈ পৰিছে অঞ্চলটোৰ কেইবা সহস্ৰাধিক ৰাইজৰ লগতে তীব্ৰ অনিশ্চয়তা আৰু ভাবুকীৰ সন্মুখত গুৰুজনাৰ জন্মস্থান। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ যাতনাই ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। বানপানীৰ লগতে খহনীয়াৰ তাণ্ডৱ লীলাই প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে। পৰিৱৰ্তনৰ সপোন দেখুওৱা বিজেপি চৰকাৰখনৰ প্ৰতিশ্ৰুতিবোৰ আজিৰ তাৰিখত বাস্তৱত কিমানদূৰ কাৰ্যকৰী হৈছে? এয়া এই অঞ্চলৰ ৰাইজৰ মনত উদ্ৰেক হোৱা এক ডাঙৰ প্ৰশ্ন। সময় পাৰ হোৱাৰ লগে লগে বিজেপি চৰকাৰখনৰ জাতি মাটি ভেটিৰ শ্ল’গানবোৰ যেন আজিৰ তাৰিখত ক্ৰমাৎ অতীত হ’ব ধৰিছে। জগত গুৰু শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান মৰিগাঁও জিলাৰ পাতেকীবড়ী সত্ৰ নগৰীৰ এনে বেদনাদায়ক সাম্ভাৱ্য পৰিণামৰ কথা চিন্তা কৰি চকুলো টুকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। সম্প্ৰতি ধিং সমষ্টিৰ মথাউৰী এলেকাৰ গঞা ৰাইজৰ মনতো এতিয়া গভীৰ শংকা আহি পৰিছে যে হয়তো মথাউৰিয়ে এনেদৰে কাল ৰূপ ধাৰণ কৰি থাকিলে কিছু দিনৰ ভিতৰতেই ৰাজ্যৰ মানচিত্ৰৰ পৰা এই অঞ্চলসমূহ চিতলমাৰী, মদাৰগুৰী, শালমাৰী আৰু গৰৈমাৰী, আদি ৰাজহ গাঁৱৰ দৰে নাইকিয়া হৈ পৰিব। আজিৰ তাৰিখত মথাউৰীৰ খহনীয়াৰ তাণ্ডৱ লীলাৰ প্ৰতিচ্ছবিবোৰে তেনেই যেন এক গভীৰ ইংগিত বহন কৰিছে। এই এলেকাসমূহ গুৰুজনাৰ জন্মস্থান পাতেকীবড়ী সত্ৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগত এনেদৰে ভয়ানক আৰু দুখলগা ছবিবোৰে তীব্ৰ আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। সদায় বাতৰি কাকতৰ শিৰোনাম দখল কৰা বিধায়ক আমিনুল ইছলামৰ কুম্ভকৰ্ণ নিদ্ৰাৰ বাবে সমষ্টিখনত এনেদৰে দুখ লগা ছবিয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সদায় বিতৰ্কই ছানি ধৰা আমিনুল সমষ্টিত দেখা গল গঞা ৰাইজৰ এনে দুখলগা ছবি। জলসম্পদ বিভাগৰ নাই কোনো গুৰুত্ব, নাই কোনো কাণসাৰ। আনকি নাই কোনো বিশেষ পদক্ষেপ। পৰিৱৰ্তনৰ সপোন দেখুওৱা চৰকাৰ খনেও শাসনৰ গাদী দখল কৰাৰ পাছত চৰকাৰখনৰ ভূমিকাও অসাৰ হৈ পৰা যেন লাগিছে। কবলৈ গ’লে একপ্ৰকাৰ আজিৰ তাৰিখত নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিবোৰ শ্ৰুতলিপিৰ শাৰীত পেলালে উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনে। চৰকাৰখনে গো সুৰক্ষাৰ নামত কোনে কি খাব, নেখাব তাতে মাথা মাৰি থাকোঁতে মানৱ জীৱনকলৈ হেতালি খেলাৰ এনে নগ্ন প্ৰতিচ্ছবিয়ে নানা ভাবুকি সৃষ্টি কৰি আহিছে। ‌এনে দৃশ্যবোৰে জনপ্ৰতিনিধিৰ বিফলতাক উদঙাই দিয়াৰ লগতে কথা আৰু কামৰ মাজত কিমান যে দিন ৰাতি পাৰ্থক্য সেয়া জলজলপটপটকৈ ওলাই পৰিছে বুলি ক’ব পাৰি। বিধায়ক আমিনুল ইছলামে ফেচবুক আৰু টেলিভিছনৰ টকশ্ব’ত ব্যস্ত থকাৰ বাবে সমষ্টিবাসীৰ যমৰ যাতনা আৰু দুখ দুৰ্দশাৰ কথা মনতেই যেন নপৰে। আনজন বোবা প্ৰতিনিধি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচন আহিলেহে এই অঞ্চলটোৰ কথা মনত পৰে। প্ৰায় ৩০ বছৰকাল গগৈ পৰিয়ালে প্ৰতিনিধিত্ব কৰা কলিয়াবৰৰ এই অঞ্চলটোৰ সমস্যাৱলীকলৈ আজিলৈকে এষাৰ মাত মাতিবলৈয়ো সময় নাপালে। নিৰ্বাচনৰ সময়ছোৱাত বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোট আদায় কৰি সাংসদ হোৱাৰ পিছতে পাহৰি যায় এই অঞ্চলটোৰ কথা। মৈৰাবাৰী উত্তৰাঞ্চল বিশেষকৈ বৰছাপৰি, ভজাখাইতি, মোৱামাৰীৰ গঢ়াগখনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নহ’লে মৈৰাবাৰী বজাৰকে ধৰি শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান পটেকীবড়ি সত্ৰৰ অস্তিত্ব নাইকিয়া হোৱাৰ সম্ভাৱনা প্ৰবল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: