অসম

ব্ৰহ্মপুত্ৰৰ ৭ নং ৮ নং শৈল্যবান্ধৰ পৰিদৰ্শন কৰিলে দেৰগাঁও সমষ্টিৰ বিধায়কে

সংবাদদাতা,পশ্চিম যোৰহাট : যোৰহাট জিলাৰ উত্তৰ দিশে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ ৭ নং আৰু ৮ নং শৈলবান্ধৰ খহনীয়া ১৬ জুনত পৰিদৰ্শন কৰিলে ৯৭ নং দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে। ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক খহনীয়া প্ৰত্যক্ষ কৰি চিন্তিত হৈ পৰিছে যোৰহাট আৰু গোলাঘাট জিলাৰ অধিকাংশ বাসিন্দাই।ব্ৰহ্মপুত্ৰৰ খহনীয়া হৈ থকা সমষ্টিটোৰ পৰা অসম বিধান সভাত

প্ৰতিনিধিত্ব কৰি থকা বিধায়কজনে তাৎক্ষণিক ভাৱে খহনীয়া প্ৰতিৰোধ কৰিব পৰাকৈ এক কোটি সত্তৰ লাখ টকাৰে আৰ. চি. চি. পাৰ্কোপায়নৰ কাম অতি শীঘ্ৰেই আৰম্ভ হ’ব বুলি প্ৰকাশ কৰে। ইতিমধ্যে এই পুঁজি চৰকাৰে মোকোলাই দিছে বুলি ৰাইজক অৱগত কৰে। উল্লেখ্য, এই স্থানত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰই তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি আহিছে আৰু চৰকাৰৰ নিৰ্দিষ্ট বিভাগে যথেষ্ট ধন

ব্যয় কৰিছে যদিও ব্ৰহ্মপুত্ৰৰ পানীয়ে উটুৱাই নি আছে। প্ৰত্যেক বছৰেই বাৰিষা হোৱাৰ লগে-লগেই ব্ৰহ্মপুত্ৰৰ খহনীয়াই তীব্ৰ ৰূপ লয় আৰু মন্ত্ৰী-বিধায়কে প্ৰত্যক্ষ কৰি ধনৰ আৱণ্টন দিয়ে কিন্তু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী সমাধান বৰ্তমানলৈকে হোৱা ৰাইজে প্ৰত্যক্ষ কৰা নাই। বাৰিষা হোৱাৰ লগে লগেই সংকাত দিন কটাবলগীয়া হয় যোৰহাট আৰু গোলাঘাট জিলাৰ উত্তৰ দিশৰ বাসিন্দাসকলে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: