অসম
বড়োলেণ্ড বিশ্ববিদ্যালয় উপাচাৰ্যৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে টংলাত এবছুৰ ধৰ্ণা
সংবাদদাতা, টংলা:- সম্প্ৰতি কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলেইছা ৰাম লাড্ডু সিংৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে সোমবাৰে টংলা মহাবিদ্যালয় সমীপত টংলা আঞ্চলিক বড়ো ছাত্র সন্থাই টংলা মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ সহযোগত দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী ছাত্র-ছাত্ৰীসকলে হাতে-হাতে প্লেকাৰ্ড লৈ উপাচাৰ্য লেইছা ৰাম লাড্ডু সিংক অপসৰণ কৰক, বড়োলেণ্ড বিশ্ববিদ্যালয় ৰক্ষা কৰক,
ছাত্র-ছাত্ৰীসকলৰ লগত হেতালি খেলা নচলিব আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে ২০১৯ চনৰ পৰাই লেইছা ৰাম লাড্ডু সিংঙে বিশ্ববিদ্যালয় খনত নিজৰ মতে এককেন্দ্ৰিক শাসন চলাই আহিছে বুলি অভিযোগ কৰে ছাত্র-ছাত্ৰীসকলে। আনহাতে প্ৰতিবাদীসকলে অতি শীঘ্ৰে বি টি আৰ অঞ্চলৰ পৰা স্থায়ী পঞ্জীয়ন নিযুক্তি দিবলৈ বি টি চি প্ৰশাসনক দাবী জনায়।