অসম

বড়ো কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ সৰুপথাৰত আধাৰশিলা আৰু প্ৰতিমূৰ্ত্তি উন্মোচন

সংবাদদাতা, ধনশিৰি:- ধনশিৰি মহকুমাৰ উৰিয়ামঘাট সীমান্তত আজি বড়ো কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদে কেইবাটাও উন্নয়নমুলক কামৰ শুভাৰম্ভ কৰে। তেওঁলোকৰ মুখ্য অতিথি বড়ো কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিনেশ্বৰ বসুমতাৰীয়ে মধ্যমপুৰত উপস্থিত হৈ কাৰ্যবাহী সদস্য প্ৰদিপ স্বৰ্গিয়াৰিৰ সহযোগত প্ৰথম উন্নয়নমূলক কাম হিচাপে মধ্যমপুৰ বাথৌ মন্দিৰ নিৰ্মাণৰ বাবে স্বায়ত্ত্ব শাসিত পৰিষদৰ পৰা ১০ লাখ টকা অনুদান আগবঢ়োৱাৰ লগতে আধাৰশিলা স্থাপন কৰে।

পিছত উৰিয়ামঘাট জয়ন্তিপুৰ অঞ্চলত উপস্থিত হৈ মাগুনি খাকলাৰী বড়ো মধ্য ইংৰাজী বিদ্যালয়ৰ আবাস গৃহ পুনৰ নিৰ্মাণৰ আধাৰশিলা মুকলি কৰে। পৰৱৰ্তী সময়ত উৰিয়ামঘাট মিথিংগা নৌগিৰিত অৱস্থিত বিনেশ্বৰ ব্ৰহ্ম বড়ো হাইস্কুল প্ৰাঙ্গনত প্ৰয়াত বিনেশ্বৰ ব্ৰহ্মৰ ২১ সংখ্যক মৃত্যু বাৰ্ষিকী তিথিত বড়ো কছাৰী স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিনেশ্বৰ বসুমতাৰীয়ে বিনেশ্বৰ ব্ৰহ্মৰ প্ৰতিমুৰ্ত্তি উন্মোচন কৰি এখনি সভাত ভাগ লয়।

সভাত বড়ো কছাৰী স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিনেশ্বৰ বসুমতাৰীয়ে ৰাইজক সম্বোধন কৰি কয় আমি সকলোৱে মিলি জুলি বড়ো কছাৰীৰ প্ৰতিটো উন্নয়নমূলক কামত আগভাগ লৈ জাতিটোক সৰ্বতো প্ৰকাৰে আগবঢ়াই লৈ যোৱাটো আমাৰ প্ৰথম আৰু প্ৰধান উদেশ্য। গতিকে সকলোৱে একতাৰ দোলেৰে সকলোকে সন্মান কৰি

প্ৰতিটো মুহূৰ্তত সহযোগিতা আগবঢ়োৱাটো উচিত। আজিৰ এই উন্নয়নমূলক কামত তেওঁলোকৰ মাজত ধনশিৰি মহকুমাৰ মহকুমাধিপতি জাবিৰ ৰাহুল সুৰেশ, বড়ো কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ স্থানীয় কাৰ্যবাহী সদস্য প্ৰদিপ স্বৰ্গীয়াৰিৰ লগতে কেইবাজনো কাৰ্যবাহী সদস্য, ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া, আৰু স্থানীয় যথেষ্ট সংখ্যক বড়ো কছাৰী লোক উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: