অসম

বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিৱেশনৰ দিন সলনি

সংবাদদাতা, তামোলপুৰ: অহা ফেব্ৰুৱাৰী মাহৰ ১১, ১২ আৰু ১৩ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তামোলপুৰ জিলা বড়ো সাহিত্য সভাৰ আতিথ্যত তামোলপুৰত অনুষ্ঠিত হ’বলগীয়া বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামোলপুৰ অধিৱেশন সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ বাবে অহা মাৰ্চ মাহৰ ৯, ১০ আৰু ১১ তাৰিখলৈ পিচুৱাই দিয়া হৈছে। আজি তামোলপুৰত বড়ো সাহিত্য সভাৰ ৬১সংখ্যক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যালয়ত অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসৰ সভাপতিত্বত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনত অভ্যৰ্থনা সমিতিৰ মুখ্য পৃষ্ঠপোষক তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিটিআৰৰ মনোনীত সদস্য হেমন্ত ৰাভা, বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি তৰেণ বড়ো, সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো আৰু তামোলপুৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক ৰত্নেশ্বৰ বড়ো সমন্বিতে আটাইবোৰ উপ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল। ইফালে আগন্তুক মাৰ্চ মাহত হ’ব লগীয়া বড়ো সাহিত্য সভাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অঞ্চলটোৰ জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰা কৰে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি তৰেণ বড়োৰ লগতে তামোলপুৰ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক ৰত্নেশ্বৰ বড়োৱে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button