অসম

বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক বাপুজী ভৱন আৰু জালজৰি সন্মিলিত যুৱ মঞ্চত আদৰণি

সংবাদদাতা, পুৰণিগুদাম:- নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ শৈক্ষিক, সামাজিক আৰু বৌদ্ধিক উত্তৰণৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰাংগণত আজি বিয়লি এক গুৰুত্বপূৰ্ণ আদৰণি সভা অনুষ্ঠিত হৈ যায়। বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক আদৰণি জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাখনিত সভাপতিত্ব কৰে বাপুজী ভৱন আৰু পুথিভঁৰালৰ সভাপতি পুলিন হাজৰিকাই। বাপুজী ভৱনৰ সাধাৰণ সম্পাদক দ্বীপেন বৈৰাগীয়ে আঁট ধৰা আদৰণি সভাখনত বিধায়ক গৰাকীক বাপুজী ভৱনৰ তৰফৰ পৰা বিপুল আদৰণি জনোৱা হয়। পুৰণিগুদামৰ কেইবাটাও আগশাৰীৰ অনুষ্ঠানৰ প্ৰতিনিধি উপস্থিত থকা আদৰণি সভাখনত অনিৰ্বান গোষ্ঠী, পুৰণিগুদাম শংকৰদেৱ বিদ্যানিকেতন, অবিনশ্বৰ গোষ্ঠী, সাউদ ভোলানাথ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিনিধি উপস্থিত থাকি বিধায়ক জনক আদৰণি জনায়। আদৰণি সভাত উপস্থিত থাকি বিধায়ক জিতু গোস্বামীয়ে কয় পুৰণিগুদামৰ বাপুজী ভৱন আৰু পুথিভড়ালৰ এক সুকীয়া পৰিচয় আছে। বিশেষকৈ নগাঁও জিলাৰ সামাজিক ক্ষেত্ৰখনত এই অনুষ্ঠানটোৰ যি পৰিচয় আছে সেই পৰিচয় আমি অক্ষুণ্ণ ৰাখিব লাগিব। বিশেষকৈ বাপুজী ভৱনটো আমি সাংস্কৃতিক প্ৰকল্প হিছাপে গঢ়ি তুলিম। সভাত বিধায়ক গৰাকীয়ে নিৰ্মাণৰ কাম চলি থকা বাপুজী ভৱনৰ আধাৰুৱা কাম কৰিবৰ বাবে বিধায়ক পুজিৰ পৰা ২০ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। বিশেষকৈ নিৰ্মাণ কাম চলি থকা ভৱনৰ লগতে মঞ্চ আৰু অন্যান্য কামৰ বাবে এক কোটি আশী লাখ টকাৰ প্ৰয়োজন বুলি বাপুজী ভৱনৰ সম্পাদক দ্বিপেন বৈৰাগীয়ে এক আঁচনি বিধায়ক গৰাকীক জমা দিয়ে আৰু বিধায়ক গৰাকীয়ে ২০২৩ চনৰ ভিতৰ বাপুজী ভৱনৰ কাম সম্পূৰ্ণ কৰি তুলিব বুলি বিধায়ক গোস্বামীয়ে সভাত উল্লেখ কৰে। সভাৰ মাজতে সভাপতি পুলিন হাজৰিকাই বাপুজী ভৱন আৰু পুথিভড়ালৰ ইতিহাস বিবৰি কোৱাৰ লগতে বিভিন্ন অনুষ্ঠান সমূহৰ ক্ষেত্ৰত বাপুজী ভৱন ও পুথিভড়ালৰ যি অৰিহনা আছে সেই সম্পৰ্কে ব্যাখ্যা কৰে। সভাখনত পুৰণিগুদামৰ সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত হোমেশ্বৰ শইকীয়া, পুনানন্দ ভূঞা, কৃষ্ণ গোস্বামী, প্ৰফুল্ল শইকীয়া, জ্যোতিময় গোস্বামী, প্ৰাঞ্জল কটকী, দীপক বৰা, চিত্তৰঞ্জন বৰাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পিছতে বিধায়ক জিতু গোস্বামীয়ে জালজৰি সন্মিলিত যুৱ মঞ্চৰ কৃষি ফাৰ্মত উপস্থিত থাকি সকলো সদস্যক উৎসাহিত কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: