অসম

বৰপথাৰত ড্ৰাগছ সৰবৰাহকাৰী আটক; বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ

সংবাদদাতা, সৰুপথাৰঃ- ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙানিৰ পৰা আৰক্ষীয়ে আজি পুৱতি নিশা অভিযান চলাই ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ বাতৰি পোৱা গৈছে। জানিব পৰা মতে গোপন সূত্ৰৰ পম খেদি ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়াই বৰপথাৰ আৰক্ষীৰ সহযোগত চলোৱা উক্ত অভিযানটোত টেঙানিৰ জকাইচুক গাঁৱৰ ৰঞ্জিত সন্দিকৈ(২৭) আৰু ইন্দ্ৰজিৎ বৰা (২৭)নামৰ দুজন লোকক আটক কৰে। ধৃত লোক দুজনৰ পৰা আৰক্ষীয়ে ১১টা প্লাষ্টিকৰ কণ্টেনাৰসহ সন্দেহজনক হেৰ’ইন, দুটা প্লাষ্টিকৰ বাকছত সন্দেহজনক হেৰ’ইন, নগদ১৬, ৮০০/ টকা আৰু তিনিটা মবাইল হেণ্ডছেট উদ্ধাৰ কৰে। ইপিনে ড্ৰাগছ সৰবৰাহৰ সমগ্ৰ ঘটনাটোত বৰপথাৰ কলেজ ৰোডৰ ইন্দ্ৰজিৎ দেৱ(৩৪) আৰু বৰপথাৰ থানা ৰোডৰ মতলেব আলি(৪৮) দুজন লোকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাটোৰ সম্পৰ্কত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু অধিক তথ্য পোহৰলৈ আহিব বুলি ও প্ৰকাশ কৰিছ।

Show More

Leave a Reply

Your email address will not be published.

Back to top button