অসম

বৰপেটাত বন বিভাগৰ অভিযানত গুৰালা-ৰাধাকুছিত দুটাকৈ অবৈধ কাঠ ফলা মিল উৎখাত

সংবাদদাতা, মন্দিয়া : বৰপেটা জিলাৰ বৰপেটাৰোড বনাঞ্চলিক বিষয়া গৌতম মহন্তৰ নিৰ্দেশ মৰ্মে বৰপেটা খণ্ড বন বিষয়া বনজিৎ দাস, বনপালক অচিন্ত দেউৰী আৰু মুনীন্দ্ৰ তালুকদাৰৰ নেতৃত্বত আজি ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কান্দাপাৰাৰ সমীপৰ গুৰলা গাঁৱত অভিযান চলাই এটা অবৈধ কাঠফলা কল উৎখাত কৰে। বন বিভাগৰ দলটোৱে কলটো উৎখাট কৰাৰ লগতে কলটোত ব্যৱহৃত সৰঞ্জামসমূহো

জব্দ কৰে৷ বৰপেটাৰ খণ্ড বন বিষয়া বনজিৎ দাসে জানিবলৈ দিয়া মতে, বন বিভাগৰ চকুত ধূলি দি জনিয়াৰ গুৰালা গাৱত বেঁকী নৈৰ পাৰৰ আওহটীয়া এক অঞ্চলত অবৈধভাৱে কলতো চলাই আহিছিল। অৱশ্যে বন বিভাগৰ লোকে কলতো উৎখাট কৰে যদিও বন বিষয়াৰ দলতো উপস্থিত হোৱাৰ পূৰ্বেই কলটোৰ গৰাকী আৰু কলটেত কৰ্মৰত শ্ৰমিকসকল

পলাই সাৰে। ইপিনে কালি বৰপেটাৰোড বনাঞ্চলিক বিষয়া গৌতম মহন্তৰ নেতৃত্বত আৰু খণ্ড বন বিষয়া বনজিৎ দাসৰ সহযোগত ৪৭নং চেঙা বিধানসভা সমষ্টিৰ ৰাধাকুছি গাঁৱত অভিযান চলাই আন এটা অবৈধ কাঠফলা কল উচ্ছেদ কৰাৰ লগতে কাঠফলা কলটোত ব্যৱহৃত সামগ্ৰী সমুহ জব্দ কৰে৷

বৰপেটাৰ একাংশ ভিতৰুৱা অঞ্চলত একাংশ লোকে অবৈধ কাঠফলা কল চলাই আছে যদিও বৰপেটাৰ খণ্ড বন বিষয়াৰ নেতৃত্বত এনে অবৈধ কাঠ ফলা কলৰ বিৰুদ্ধে বন বিভাগে অভিযান অব্যাহত ৰাখিছে আৰু কেবাটাও অবৈধ কল উৎখাট কৰিবলৈ সক্ষম হোৱা বুলি বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: