অসম

বৰপেটাত শিশু অপহৰণ আৰু ধর্ষণ অপৰাধৰ ২০ বছৰ সশ্ৰম কাৰাদণ্ড

সংবাদদাতা, কলগাছিয়া:- বৰপেটাৰ বিশেষ পক্‌চ’ আদালতে ১৩ ডিচেম্বৰত এক অতি গুৰুত্বপূৰ্ণ ৰায়যোগে শিশুক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অপৰাধত দোষী সব্যস্ত কৰি আচামীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১৫০০০ টকাৰ জৰিমনা বিহে। বৰপেটা জিলা অতিৰিক্ত ন্যায়াধীশ তথা বিশেষ পক্‌চ’ ন্যায়াধীশ দেৱাশিস শ‍ইকীয়া (অসম ন্যায় সেৱা)ৰ আদালতে বিশেষ পক্‌চ’ গোচৰ নং ১০১/২০১৮/জি.আৰ. নং ৩০১৯/১৮/ বাঘবৰ থানাৰ গোচৰ নং ১৪৭/২০১৮ মৰ্মে ‘অসম চৰকাৰ বনাম গোলাপ হুছেইন আৰু জিয়াউৰ ৰহমান’ত গোলাপ হুছেইনক পক্‌চ’ৰ ৪(২) নং ধাৰামতে দোষী সব্যস্ত কৰে। ২০১৮ চনৰ জুন মাহৰ এক মাজনিশা গোলাপ হুছেইনে তেওঁ শিক্ষকতা কৰি থকা ব্যক্তিগত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি নি কেইবাদিনো আৱদ্ধ কৰি ৰাখি বলপূৰ্বক নিৰ্মম যৌন আতিশয্য চলোৱাৰ অভিযোগ ১৩ ডিচেম্বৰত আদালতত সত্য বুলি প্ৰমাণিত হয়। শিহৰণকাৰী অপহৰণৰ ঘটনাৰ বিপৰীতে নাবালিকাৰ খূড়াৰ এজাহাৰ মৰ্মে বাঘবৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৬৫/৩৪ ধাৰাত গোচৰ পঞ্জীয়ন হয় আৰু পিছলৈ অনুসন্ধান আৰু চিআৰপিচিৰ ১৬৪ ধাৰাত গৃহীত ভুক্তভোগীৰ ভাষ্যমৰ্মে ১২০(খ) আৰু পকচ’ৰ ৪ নং ধাৰা সংযোগ কৰা হয়। ৰায়দানৰ পিছত নাবালিকাৰ পিতৃ আদালত প্ৰাঙ্গনতে আবেগিক হৈ পৰে আৰু সত্য প্ৰতিষ্ঠিত কৰি ন্যায় পালন কৰা আদালতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয়, ‘এই বিচাৰ এক উদাহৰণ; আমাৰ ছোৱালীৰ লগত হোৱা ঘটনা আছিল অতি মৰ্মান্তিক। ‘ ঘাত প্ৰতিঘাত, হেঁচা-বাধাৰ মাজেৰে বিচাৰ প্ৰক্ৰিয়াত লাগি থকা পিতৃয়ে অধিবক্তা শ্বফিকুল ইচলামক ধন্যবাদ জ্ঞাপন কৰি কয় যে, ‘এই ক্ষেত্ৰত প্ৰথমৰ পৰা বিভিন্ন পৰ্যায়ত অধিবক্তা ইচলামে আমাক পৰামৰ্শ প্ৰদান কৰাৰ লগতে বন্ধুত্বপূৰ্ণ সহযোগিতা আগবঢ়াই মনোবল যোগাই আহিছে। ‘ উল্লেখযোগ্য যে, শ্বফিকুল ইচলাম কৈলাস সত্যাৰ্থী চিল্‌ড্ৰেনছ ফাউণ্ডেশ্যনৰ লগত জড়িত আৰু পকচ’ৰ অধীনত ভুক্তভোগীক আইনী সেৱা প্ৰদান কৰি আছে। উক্ত বিচাৰত বিশেষ চৰকাৰী অধিবক্তা হিচাপে ৰঞ্জিত কুমাৰ ডেকাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সম্প্ৰতি বিষয়টো সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: