অসম

বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীলৈ পত্ৰ সাংসদ আব্দুল খালেকৰ

সংবাদদাতা, বৰপেটা:- সত্ৰনগৰী তথা ৰাজ্যৰ এখন অতি পুৰণি চহৰ বৰপেটাক ঐতিহ্য নগৰী হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় পৰ্যটন বিকাশ মন্ত্ৰী জি কিষান ৰেডডীলৈ দাবী জনাইছে বৰপেটাৰ সাংসদ আব্দুল খালেকে। উল্লেখযোগ্য যে ৰাজ্যৰ এখন আগশাৰীৰ সত্ৰ কেন্দ্ৰীক স্থান হিচাপে পৰিগণিত তথা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা অসমৰ সবাতোকৈ বৃহৎ কীৰ্তন ঘৰ বৰপেটাতেই আছে।

আনকি ইয়াৰ ওচৰ পাজৰত প্ৰায় দহখনমান সত্ৰ পৰিবেষ্টিত হৈ বৃহত্তৰ বৰপেটা শংকৰ-মাধৱ গুৰু দুজনাৰ পৱিত্ৰ আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰ ভূমি হৈ পিচত এই পৱিত্ৰ ভূমিৰ পৰাই সত্ৰীয়া কৃষ্টি সংস্কৃতিৰ বৰঘৰ তৈয়াৰ হৈছিল। কিন্তু আজিও এই বৰপেটা চহৰৰ বিকাশৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সু-দৃষ্টি নপৰিল। যাৰ ফলত ইয়াৰ জনসাধাৰণৰ মনত ক্ষোভ আৰু অসন্তোষে তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে।

আৰু এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৰপেটাৰ সাংসদ আব্দুল খালেকে কেন্দ্ৰীয় পৰ্যটন বিকাশ মন্ত্ৰী জি কিষান ৰেডডীলৈ যোৱা ১৯ আগষ্টত এখন পত্ৰযোগে বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে সজাই পৰাই তুলি এখন আগশাৰীৰ পৰ্যটন নগৰী হিচাপে গঢ়ি তুলিবলৈ সাজোৰে দাবী উত্থাপন কৰিছে বুলি জানিব পৰা গৈছে। তদুপৰি পত্ৰখনত সাংসদ গৰাকীয়ে ৰে’লৰ ভেকুৱাম ব্ৰেক আৱিষ্কাৰক বৰপেটাৰ গুৰু প্ৰসাদ দাসৰ কথাও উল্লেখ কৰা হৈছে লগতে লণ্ডনৰ বৃটিছ মিউজিয়ামত সংৰক্ষিত হৈ থকা বৃন্দাবনী বস্ত্ৰ শংকৰ গুৰু,

মাধৱ গুৰু আৰু গোপাল তাঁতীৰ দ্বাৰা বৰপেটাতে তৈয়াৰ হোৱাৰ কথাও উল্লেখ কৰিছে। সম্প্ৰতি সাংসদ গৰাকীৰ এনে পদক্ষেপক বৰপেটাবাসীয়ে আদৰণি জনোৱাৰ লগতে সাংসদ গৰাকীক তেওঁৰ এই ভূমিকাক ধন্যবাদ জনাইছে। কিন্তু সাংসদ আব্দুল খালেকে অকল পত্ৰ এখন প্ৰেৰণ কৰিয়েই ক্ষান্ত নাথাকি ইয়াৰ বাস্তৱ ব্যৱস্থা গ্ৰহণ কৰাৰো এক গধূৰ দায়িত্ব থাকি গ’ল বুলি সচেতন ৰাইজে সদৰী কৰে। তেওঁলোকে কয় যে, সচৰাচৰ দেখা পোৱা যায় যে, এগৰাকী বিধায়ক অথবা সাংসদে পাল মাৰি এখন দাবী পত্ৰ লৈ বিভাগীয় মন্ত্ৰী, প্ৰধানমন্ত্ৰী নাইবা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ওচৰ চপা দেখা যায়।

কিন্তু ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে এইক্ষেত্ৰত লাগি ভাগি থাকি বাস্তৱায়িত কৰাৰ কোনো প্ৰচেষ্টা চলোৱা দেখা পোৱা নাযায় আৰু সময় বাগৰি যোৱাৰ পাছত ই পাহৰণিৰ গৰ্ভত পৰিণত হোৱাৰ লগতে ই-সময়ত ফুটুকাৰ ফেনত পৰিণত হোৱা পৰিলক্ষিত হয়। লক্ষণীয়ভাৱে বৰপেটা লোকসভা সমষ্টি তথা বৰপেটা চহৰৰ বিকাশৰ ক্ষেত্ৰত আগৰ সাংসদ সকলৰ ভূমিকা আছিল অতি পুতৌ লগা তথা এক প্ৰকাৰ নিমাতী কইনাৰ ভাও জোৰা বুলি মন্তব্য কৰে। পিছে এইবেলি সাংসদ খালেকৰ এয়া এক বলিষ্ঠ ভূমিকা বুলি ৰাইজে ক’ব খোজে যদিও বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে গঢ়ি তুলিবলৈ তেখেতে পৰৱৰ্তী সময়ত কি ভূমিকা লয় তালৈ বৰপেটাবাসী ৰাইজে সততে নজৰ ৰাখিব বুলি মতপোষণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: