অসম

বৰপেটা শিক্ষাখণ্ডত “ক” শ্ৰেণীৰ বিভিন্ন সামগ্ৰী বিতৰণ

সংবাদদাতা, বৰপেটা:- অসম সৰ্বশিক্ষা অভিযান মিছনৰ বৰপেটা শিক্ষা খণ্ডত ‘ক’ শ্ৰেণীৰ বিভিন্ন সামগ্ৰী যেনে- চকী, মেজ আলমীৰা, মেট , ছৱি অকা কিতাপ, পুথিভঁৰালৰ লগতে আৰু মধ্যাহ্ন ভোজনৰ বাবে গেছৰ চৌকা আদি বিতৰণ কৰা হয়।

বৰপেটাৰ মেটুৱাকুছিত বিতৰণী অনুষ্ঠানখন উদ্ধোধন কৰে বিদ্যালয়ৰ পৰিদৰ্শক নিয়তি পাঠকে। কাৰ্যসূচীত অংশ গ্ৰহণ কৰে নিম্ন বৰ্গৰ সহায়ক তথা গাণনিক সমীৰণ পাঠক, খণ্ড গানানিক বিষয়া ঝৰ্ণা দাস, ‘ক’ শ্ৰেণীৰ ব্লক সমন্বয়ক তথা সমল ব্যক্তি

আনোৱাৰ হুছেইন। ইয়াৰ উপৰি সমল ব্যাক্তি আকতাৰা খানম, সহকাৰী সমল ব্যাক্তি মেছেৰ আলী আহমেদ, অতিৰিক্ত সমল ব্যাক্তি আহমদ আলী , শ্বাহজাহান আলী আৰু শিৰাজুল ইছলাম ৰ লগতে মহিলা সমতা সমিতিৰ সাদস্য সকল উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: