অসম

বৰষুণত খহিল নৱ নিৰ্মিত বৈছাহাবি সংযোগী বাইলুং ভূঞাহাত পথ

সংবাদদাতা, টীয়ক : যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৈছাহাবি পথৰ পৰা বাইলুং ভূঞাহাত সংযোগ কৰা প্ৰায় দুই কিলোমিটাৰ দৈঘৰ পথচোৱা লোক নিৰ্মাণ বিভাগৰ এছঅপিডি পুঁজিৰে পুনৰ নিৰ্মাণ কাৰ্য্য চলি আছে। উল্লেখযোগ্য নিৰ্মাণ কাৰ্য্য কৰি থকা উক্ত পথটো বৰ্তমান 

ডব্লিউবিএম সম্পূৰ্ণ কৰি ব্লেক টেপিং পৰ্য্যায়ত আছে। কিন্তু নিৰ্মীয়মান পথটোৰ বাইলুং গাঁৱৰ মাজে অংশত যোৱা কেইদিন মান হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চাইড বাম সহ খহি যায়। উক্ত অংশটো সম্পূৰ্ণকৈ বিভাগীয় নীতি নিৰ্দেশনা অনুসৰি মেৰামতি কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: