অসম

বৰালিমাৰীত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া, অৰ্ধশতাধিক পৰিয়াল গৃহহীন

খহনীয়াৰ কবলত ঐতিহ্যমণ্ডিত কালি মন্দিৰ, জিলা প্ৰশাসনক ব্যৱস্হা গ্ৰহণৰ দাবী

সংবাদদাতা, লাহৰীঘাট:- মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰালিমাৰীত  ব্ৰহ্মপুত্ৰৰ খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰাত অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ ভেটি জাহ যায় ব্ৰহ্মপুত্ৰৰ বুকুত। ইফালে অঞ্চলটোত থকা হিন্দু ধৰ্মৰ লোক সকলৰ একমাত্ৰ উপাসনাৰ স্হান বৰালিমাৰী ঐতিহাসিক কালি মন্দিৰটোও খহনীয়াত  আক্ৰান্ত হোৱাত অঞ্চলবাসীয়ে মন্দিৰটোৰ এটা অংশ ইতিমধ্যে স্থানান্তৰিত কৰিছে। বৰ্তমান কালি  মন্দিৰৰ ভেটিটো কোনোমতে বাছি আছে যদিও

দুই এদিনতে মন্দিৰৰ ভেটিটোও যে নদীত জাহ যাব সেয়া নিশ্চিত। ইফালে এইবেলি বৰালিমাৰী অঞ্চলৰ শতাধিক লোকে ঘৰ ভেটি হেৰুৱাইছে। জানিব পৰা মতে,মাহটোৰ ভিতৰতে অঞ্চলটোৰ লক্ষী বিশ্বাস, গনেশ বিশ্বাস, অখিল বিশ্বাস, ধ্ৰুৱ বিশ্বাস, সঞ্জীৱ ৰয়, পৱন বিশ্বাস, আনন্দ বিশ্বাস, ৰমেশ বিশ্বাসকে ধৰি অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ ভেটি জাহ গৈছে নদীৰ বুকুত। আজি অঞ্চলটোৰ সৰ্বস্বান্ত খহনীয়াগ্ৰস্তই প্ৰতিবেদকৰ আগত চকুলো টুকি কয় – ঘৰ গ’ল ভেটি গ’ল,

এতিয়া উপাসনাৰ ঠাই কনো আমি হেৰুৱালো। ইমানৰ পাছতো চৰকাৰে চকু মেলি নাচালে,আমি কি কৰিম। নদীত জাপ দি মৰাৰ বাদে আমাৰ উপায় নাথাকিব। উল্লেখযোগ্য যে বৰ্তমান নদীৰ জলপৃষ্ঠ কমাত বৰালিমাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ এটা সুঁতিত বাহৰ জেং বা পাৰ্কোপাইন আদি পেলাব পৰা অৱস্হাত আছে। সেই সুঁতিটোত কিছু অস্হায়ী প্ৰতিৰোধ ব্যৱস্হা ললে অঞ্চলটোত খহনীয়াৰ প্ৰকোপ কিছু উপসম হব বুলি আশা কৰিব পাৰি। সেয়ে অঞ্চলটোৰ খহনীয়াগ্ৰস্ত লোকসকলে

মৰিগাঁও জিলা প্ৰশাসন তথা জিলা জলসম্পদ বিভাগক অঞ্চলটোক অধিক খহনীয়াৰ পৰা ৰক্ষা কৰিবৰ বাবে কিছু পৰিমাণে হলেও অস্হায়ী প্ৰতিৰোধ ব্যৱস্হাৰে ৰক্ষা কৰিবৰ বাবে আহ্বান জনাইছে। উল্লেখযোগ্য যে আজিৰ পৰা এমাহ পূৰ্বে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই মৰিগাঁও জিলা উপযুক্ত আৰু জলসম্পদ বিভাগৰ বিষয়া- কৰ্মচাৰীক লগত লৈ অঞ্চলটো পৰিদৰ্শন কৰিবলৈ আহি এইবাৰ কেৱল অস্হায়ী প্ৰতিৰোধ ব্যৱস্হাৰে সকাহ দিয়া হব বুলি কথা দিছিল।

কিন্তু সেই স্হানত কোনো প্ৰতিৰোধ ব্যৱস্হা মন্ত্ৰীয়ে কোৱাৰ দৰে আজিলৈকে লোৱা নহ’ল। মন্ত্ৰী গৰাকীয়ে যি স্হানলৈ গৈ অঞ্চলটোৰ খহনীয়াৰ পৰিস্থিতি বুজ লৈছিল সেই অংংশ বৰ্তমান সম্পূৰ্ণৰূপে জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। এনে ক্ষেত্ৰত অ়ঞ্চলটোত তাৎক্ষণিক ভাৱে প্ৰতিৰোধ ব্যৱস্হা হাতত নললে আৰু বহু পৰিয়ালে হেৰুৱাব ঘৰ ভেটি।সেয়েহে এতিয়া বৰালিমাৰী অঞ্চলৰ খহনীয়াগ্ৰস্ত লোক সকলে উক্ত স্থানত জৰুৰীকালীন ভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাক দাবী জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: