অসম

ভকত শিৰোমণি, ওদালগুৰি ৰত্ন হৰেকৃষ্ণ মহন্তৰ আত্মাৰ সদগতিৰ অৰ্থে নাম কীৰ্তন আৰু ভাগৱত পাঠ

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ ডিমাকুছিস্থিত শ্ৰীমন্ত শংকৰদেৱ বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ  ভকত শিৰোমণি ,ওদালগুৰি ৰত্ন ,সত্ৰৰত্ন হৰেকৃষ্ণ মহন্ত আতাদেৱৰ মহান  আত্মাৰ  সদগতিৰ অৰ্থে অহা ২৯ আৰু ৩০ জুলাই তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে সত্ৰ প্ৰাংগণত   আয়োজন কৰা হৈছে নাম কীৰ্তন আৰু ভাগৱত পাঠ অনুষ্ঠান।প্রথম দিনা পুৱা ৫-৩০ বজাত চলনৰ বৰগীত,

জাগৰণ আৰু ভটিমা পৰিচালনা কৰিব বালিসিঠা  সত্ৰৰ বলেন বড়োৱে।পৰ্যায়ক্ৰমে পুৱাৰ প্ৰসংগ আৰু শুদ্ধিকৰণ কীৰ্ত্তন পৰিচালনা কৰিব হৰিশিঙা সত্ৰৰ নামাচাৰ্য অনিৰুদ্ধ ভৰালী আৰু পুৰণি ভেৰগাঁও সত্ৰৰ লোকৰঞ্জন ৰাভাই। শুদ্ধিকৰণৰ নাম প্ৰসংগ পৰিচালনা কৰিব গুৱাহাটীৰ ৰবীন্দ্ৰ নাথ দাস, ভাগৱত পাঠ কাৰ্যসূচী ৰূপায়ণ কৰিব ক্ৰমে পুৰণি টংলা সত্ৰৰ হৰেন ৰাভা আৰু পুৰণি ভেৰগাঁও সত্ৰৰ দধিৰাম ৰাভা।

আই বাপ সকলৰ দিহা নাম, ঘোষা নাম ,থিয়নামৰ পিছতে কেন্দ্ৰীয় সমিতিৰ দ্বাৰা সন্ধিয়া থিয়নাম পৰিবেশনৰ  পিছতে প্ৰথম দিনৰ কাৰ্যসূচী সামৰণি পৰিব। দ্বিতীয় দিনা পুৱাৰ প্ৰসংগ ৰূপায়ণ কৰিব মুৰাবাৰী সত্ৰৰ নন্দেশ্বৰ ৰাভাই। ৯-০০বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰিব ওদালগুৰি জিলাৰ প্ৰাক্তন উপায়ুক্ত ,বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰে।

১০-০০বজাত ভাগৱত পাঠ কাৰ্যসূচী ৰূপায়ণ কৰিব বেতনা সত্ৰৰ সত্ৰাধিকাৰ, ভাগৱত সিন্ধু ৰিজু পাঠকে। দুয়োদিনৰ সকলো কাৰ্যসূচীতে ভকত বৈষ্ণৱ, বাপ বান্ধৱ ,আই মাতৃৰ লগতে  গুণমুগ্ধ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে বৰঙাজুলি সত্ৰ পৰিচালনা সমিতিৰ হৈ নিৰঞ্জন বড়োৱে।

উল্লেখযোগ্য যে বৰঙাজুলি সত্ৰৰ প্ৰতিস্থাপক সত্ৰাধিকাৰ শংকৰদেৱ মাধৱদেৱ গুৰু দুজনাৰ একান্ত অনুগামী বিভিন্ন উপাধিৰে বিভূষিত ৩৩ খন সত্ৰ স্থাপন কৰা সমন্বয়ৰ মহান বাণী বিলাই মানৱতাৰ সাধকগৰাকীয়ে যোৱা ২৮ জুলাই তাৰিখে ৯৭ বছৰ বয়সত বৰঙাজুলি সত্ৰক উকা  কৰি সকলোকে কন্দুৱাই বৈকুণ্ঠগামী হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: