অসম

ভয়াৱহ! বিশ্বনাথত চলন্ত বাইক নিজে-নিজে উঠিল জ্বলি

সংবাদদাতা, বিশ্বনাথ:- বিশ্বনাথ চাৰিআলিৰ কলেজ ৰোডত আজি এখন চলন্ত মটৰ চাইকেল নিজে নিজে জ্বলি উঠা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণি মতে আজি বিয়লি প্ৰায় ৩ মান বজাত বিশ্বনাথৰ সৌৰভ শৰ্মা নামৰ যুৱকজনে তেওঁৰে বন্ধু বিতুমনি বৰঠাকুৰৰ সৈতে ইয়ামাহা আৰ১ ফাইভ বাইকখন লৈ

হাস্পতাল ৰোডৰ পৰা কলেজ ৰোডৰ দিশে গৈ থকা অৱস্থাত হঠাৎ জ্বলি উঠে। লগে লগে বাইক চালক সৌৰভ শৰ্মাই বাইকখন এৰি নিৰাপদ স্থানলৈ দৌৰ মৰাতহে কথমপি প্ৰাণ ৰক্ষা পৰে। আনহাতে স্থানীয় লোকে দৌৰাদৌৰিকৈ পানী আনি বাইকখনত ধলাৰ পিছতহে বাইকখনৰ অগ্নি নিৰ্বাপণ হয়।

আনহাতে এই ঘটনা প্ৰত্যক্ষ কৰিবলৈ বহু লোকৰ সমাগম হয়।পিছত বিশ্বনাথ চাৰিআলি যান- বাহন বিভাগৰ আৰক্ষী ঘটনাস্থলীত উপস্হিত হৈ বাইকখন আৰক্ষী থানালৈ লৈ যায়। বাইকখনৰ শ্বৰ্ট শ্বাৰ্কিটৰ ফলতেই এই ঘটনা সংঘটিত হৈছে বুলি স্হানীয় ৰাইজে সন্দেহ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: