অসম

ভাওনা সন্মিলন টীয়ক আঞ্চলিক সমিতি গঠন

ষ্টাফ ৰিপ’ৰ্টাৰ:- মাতৃভাষা ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰ তথা চৰ্চা বিকাশৰ মহান লক্ষ্যৰে প্ৰতিষ্ঠা হোৱা যোৰহাট জিলা ভাওনা সন্মিলনৰ অন্তগত টীয়ক আঞ্চলিক সমিতি খনি ১২ ছেপ্তেম্বৰত গঠন কৰা হয়৷টীয়ক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰেক্ষাগৃহত অনুষ্টিত ৰাজহুৱা সভাখনিত সভাপতিত্ব কৰে ভাওনা সব্যসাচী সন্মান প্ৰাপক শ্ৰীযুত কৃষ্ণ পদ কলিতাই৷বিমান শইকীয়াই উদ্দেশ্য বাখ্যা কৰা সভাখনিত জিলা সমিতিৰ পৰা পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে সভাপতি ড° মানিক শইকীয়া মুখ্য সম্পাদক বাবুল বৰা আৰু হিচাপ পৰীক্ষক ৰণজিত বৰুৱা৷প্ৰাৰম্ভনিতে শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰতিচ্ছবিত বন্তী প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাখনিৰ মঞ্চৰ আসন শুৱনি কৰে প্ৰবীন ভাৱৰীয়া শ্ৰীযুত ভোগেশ্বৰ শইকীয়া,প্ৰণৱজ্যোতি বৰা আৰু ড° মন্টু কুমাৰ বড়াই৷ টীয়ক অঞ্চলৰ বিভিন্ন ভাওনা দলৰ পৰিচালক ,ভাৱৰীয়া তথা ভাওনাক ভালপোৱা বহুজন জেষ্ঠ ব্যক্তি উপস্থিত থকা সভাখনিত মাতৃভাষা ভাওনাৰ উত্তৰণ তথা এই মহান অনুষ্ঠান ভাগিৰ প্ৰাসংগিকতাক সকলোৱে একমুখে স্বীকাৰ কৰাৰ লগতে এখন বলিষ্ঠ আঞ্চলিক সমিতি গঠনৰ পোষকতা কৰে৷প্ৰায় শতাধিক ব্যক্তি উপস্থিত থকা উক্ত ৰাজহুৱা সভাত ৰাইজৰ সৰ্ব সন্মতিমৰ্মে অশোক বৰাক সভাপতি আৰু হীতেশ বৰাক সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ আঞ্চলিক সমিতি গঠন কৰা হয়৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: