অসম

ভাস্কৰ্য শিল্পৰে আকাশ চোৱাৰ মন চতিয়াৰ ৬৬ বছৰীয়া দিপক হাজৰিকাৰ

সংবাদদাতা, জামুগুৰিহাট:- প্ৰবল আত্মবিশ্বাস আৰু কষ্টৰে ভাস্কৰ্য শিল্পত মনোনিবেশ কৰা চতিয়াৰ ভকতগাঁৱৰ নিবাসী অৱসৰ প্ৰাপ্ত শিক্ষক তথা জেষ্ঠ ভাস্কৰ্য শিল্পী হিচাপে খ্যাত যাৰ নাম দিপক হাজৰিকা। ১৯৭০ চনৰ পৰাই ৫১ বছৰীয়া ভাস্কৰ্য শিল্পত মনোনিবেশ কৰি স্বাৱলম্বিতাৰ পথো বাচি লোৱা এই গৰাকী শিল্পীয়ে নিৰ্মাণ কৰি উলিয়াইছে বিভিন্ন প্ৰকাৰৰ মূৰ্তি, শিল্পী ড° ভুপেন হাজৰিকা, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, জামুগুৰিহাটৰ বিশিষ্ট অভিনেতা প্ৰয়াত গজেন বৰুৱা,

হিতেশ্বৰ শইকীয়া, মনালিছা, যিশু খ্ৰীষ্ট, শিৱ, মহাত্মা গান্ধী, নটৰাজৰ লগতে বহুকেইজনৰ মূৰ্তি অসমীয়া সমাজৰ পৰম্পৰাগতৰ লগত জড়িত বিভিন্ন আচবাবো। ভাস্কৰ্য শিল্পৰে আকাশ চোৱাৰ মন এই গৰাকী জেষ্ঠ ভাস্কৰ্য শিল্পীক যদি অনাগত দিনত চৰকাৰৰ ফালৰ পৰা আৰু অধিক সা-সুবিধা প্ৰদান কৰে তেন্তে এইগৰাকী বহু প্ৰতিভাসম্পন্ন জেষ্ঠ ভাস্কৰ্য শিল্পীয়ে আৰু অধিক প্ৰতিভা বিকাশিত কৰাত সুযোগ লাভ কৰিব বুলি তেওঁ আশাবাদী।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: