ভাৰতৰত্ন লতা মংগেশকাৰৰ মহাপ্ৰয়াণত ‘স্নেহস্পৰ্শ’ৰ শোক

সংবাদদাতা, বাহনা:- যোৰহাটৰ স্বেচ্ছাসেৱী সংগঠন স্নেহস্পৰ্শই সুৰ সম্ৰাজ্ঞী, ভাৰতৰত্ন লতা মংগেশকাৰৰ মহাপ্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰে। অনুষ্ঠানটোৰ চোলাধৰাত থকা অস্থায়ী কাৰ্য্যালয়ত অনুষ্ঠিত শোকসভাত সংগঠনটোৰ সভানেত্ৰী ড° মীনা ফুকন বৰঠাকুৰে মহান শিল্পীগৰাকীৰ জীৱন আৰু কৰ্মৰ বিষয়ে আলোকপাত কৰে। সভাই মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আৰু দুই মিনিট মৌন প্ৰাৰ্থনা কৰে। অনাতাঁৰ শিল্পী মঞ্চৰ শোক: যোৰহাটৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান অনাতাঁৰ শিল্পী মঞ্চই ভাৰতৰত্ন, কুকিলকণ্ঠী লতা মংগেশকাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মহান শিল্পীগৰাকীৰ মৃত্যুত ভাৰতীয় সংগীতৰ এক স্বৰ্ণিল যুগৰ অৱসান ঘটিল বুলি মঞ্চই প্ৰকাশ কৰিছে। পূৱ-যোৰহাটৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক, কৰ্মচাৰী সমবেত হৈ মহান শিল্পীগৰাকীৰ প্ৰতি মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জনায়। যোৰহাটৰ অগ্ৰণী অনুষ্ঠান সেৱাইও ভাৰতৰ নাইটিংগেলগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।