অসম

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

সংবাদদাতা, মানকাচৰ:- আজি জিলাখনৰ সদৰ হাটশিঙিমাৰীত জিলা উপায়ুক্তৰ সভা কক্ষত এক সংবাদমেল সম্বোধন কৰি ২১ নং মানকাচৰ বিধানসভা সমষ্টি আৰু ২২ নং বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে জিলা উপায়ুক্ত পল্লবী সৰকাৰে। মানকাচৰ বিধানসভা সমষ্টি আৰু দক্ষিণ শালমাৰা বিধানসভা সমষ্টি দুটাত আজি পাঁচ জানুৱাৰী পৰ্যন্ত মুঠ ভোটাৰৰ সংখ্যা ৪২২০৫০ গৰাকী আৰু ইয়াৰে ৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰ বুলি জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত গৰাকী আনুষ্ঠানিক ভাৱে ঘোষণা কৰে। ইতিমধ্যে নতুনকৈ অন্তৰ্ভুক্ত হোৱা ভোটৰ, সংশোধনী আদি কৰি বিভিন্ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি অৱশেষত এই চুড়ান্ত ভোটাৰ তালিকাৰ চূড়ান্ত খচৰা প্ৰকাশ কৰা হয়। জিলা উপায়ুক্ত পল্লবী সৰকাৰে সংবাদ মেলত সদৰী কৰা মতে, মানকাচৰ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ সংখ্যা ২,৩০,০০৯ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১,১৫,৯৭৩ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হল ১,১৪,০৩৪ গৰাকী। আনহাতে দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ ১,৯২,০৪১ গৰাকী ইয়াৰে পুৰুষ ভোটাৰ হ’ল ৯৮,৪৮৭ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হ’ল ৯৩,৫৫৪ গৰাকী। দক্ষিণ শালমাৰাৰ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে ২৫৩ টা। একেদৰে ২১ নং মানকাচৰ বিধানসভা সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰ হৈছে ২৮০ টা। এই সভাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্ত পল্লবী সৰকাৰ, জিলা নিৰ্বাচনী বিষয়া বিভাস মেধী আৰু কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধি সকল উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: