অসম

ভাৰত বিকাশ পৰিষদৰ মুক্তিযোদ্ধালৈ শ্ৰদ্ধাঞ্জলি

সংবাদদাতা, বাহনা: – স্বাধীনতাৰ গৌৰব উজ্জ্বল ৭৫ সংখ্যক দিৱসৰ লগত সংগতি ৰাখি ভাৰত বিকাশ পৰিষদৰ যোৰহাট শাখাই ১৫ আগষ্টত যোৰহাটৰ মুক্তিযোদ্ধাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সভাৰ আৰম্ভণিতে ড° অৰুণ কুমাৰ পাঠকে পৰিষদৰ আদৰ্শ পুৰুষ স্ৱামীজীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে আৰু সাবিত্ৰী বৰদলৈয়ে বন্দেমাতৰম পৰিৱেশন কৰে। ড° দুলাল চন্দ্ৰ বৰাই সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক অৱনী কুমাৰ চেতিয়াই।

ড° মিনাক্ষী পাঠকে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যোৰহাটৰ মুক্তিযুঁজাৰো প্ৰয়াত দেৱেশ্বৰ দলৈ আৰু কৃষ্ণ প্ৰসাদ দত্তৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে সভাপতি ড° দুলাল চন্দ্ৰ বৰাই। সদ্য প্ৰয়াত দেৱেশ্বৰ দলৈৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে ড° ৰুমামনি ভট্টাচাৰ্যই। অন্য এগৰাকী মুক্তিযুঁজাৰো প্ৰয়াত কৃষ্ণপ্ৰসাদ দত্তৰ জীৱন দৰ্শন আৰু সমাজ কৰ্মৰ বিভিন্ন দিশত আলোচনা আগবঢ়াই প্ৰীতি বৰদলৈয়ে।

সদ্যসমাপ্ত টকিও অলিম্পিকত প্ৰথম খোজতেই পদক জিকি ১২৫ বছৰীয়া ইতিহাসত অসমৰ নাম সোণালী আখৰেৰে খোদিত কৰা লাভলীনা বৰগোহাঁঞিক আন্তৰিক অভিনন্দন জনোৱা এটি প্ৰস্তাৱ পাঠ কৰে অৰুণ গোস্বামীয়ে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে কণমানি হৰ্ষিত অৰ্ণৱ পাঠক, সন্ধ্যাৰাণী ফুকন বৰুৱা, ৰজনীগন্ধা চেতিয়া আৰু মৃদুলা ফুকনে পৰিৱেশন কৰা ক্ৰমে দেশপ্ৰেমমূলক গীত, নৃত্য, কবিতা আবৃত্তি আৰু গীতে। ড° ৰঞ্জিত ভট্টাচাৰ্যই আগবঢ়োৱা শলাগৰ শৰাইৰ পাছতেই তিলক গগৈয়ে পৰিৱেশন কৰা ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ কাৰ্যসূচীৰ সামৰণি পৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: