অসম

ভূপেন বৰাক প্ৰদেশ কংগ্রেছৰ সভাপতি নিযুক্তিত উৎফুল্লিত লখিমপুৰ জিলা কংগ্রেছৰ নেতা-কৰ্মী

সংবাদদাতা, লখিমপুৰ:- আজি লখিমপুৰ জিলা কংগ্ৰেছ কার্যলয় তথা ৰাজীৱ ভৱনত লখিমপুৰ জিলা কংগ্ৰেছ কমিটি আৰু লখিমপুৰ জিলা কংগ্ৰেছৰ অন্তৰ্গত সমূহ ব্লক কংগ্ৰেছৰ সভাপতি সকলৰ স’তে পৰৱৰ্তী সময়ত কংগ্ৰেছৰ দলক কেনেকৈ আগুৱাই নিব পাৰি এই বিষয়ে এখনি বৈঠক হৈ যায়। নৱনিযুক্ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে দ্বায়িত্ব অৰ্পণ কৰাত গৃহ জিলাত এক আনন্দ উৎসৱ পালন কৰা হয়। লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি প্ৰদীপ গগৈয়ে ভূপেন কুমাৰ বৰাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেখেতৰ নেতৃত্বত

অসম প্ৰদেশ কংগ্ৰেছে এক নতুন সম্ভাৱনা কঢ়িয়াই আনিব বুলি মত পোষণ কৰে। ঢকুৱাখনা কংগ্ৰেছৰ নেতা পদ্মলোচন দলে ভূপেন কুমাৰ বৰাক অভিনন্দন জনোৱাৰ লগতে ভূপেন কুমাৰ বৰাৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ নতুন শক্তিশালী ৰূপত প্ৰকাশ পাব বুলি কয়। জিলা মুখপাত্ৰ প্ৰশান্ত গগৈয়ে নৱনিযুক্ত ভূপেন কুমাৰ বৰাক অভিনন্দন জনোৱাৰ লগতে কয় অন্য এক গাম্ভীৰ্যপূৰ্ণ ব্যক্তি হিচাপে অভিভূত কৰে। লগতে তেওঁ এক এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে সততে কৈ অহা কংগ্ৰেছ কেনেকৈ ডুবাৰু নাও ? বিজেপিয়ে বিগত নিৰ্বাচনত সমগ্র অসমত ৮৫ লাখ আৰু

কংগ্ৰেছে ৮২ লাখ ভোট পাবলৈ সক্ষম হৈছিল। বিজেপিয়ে কংগ্ৰেছৰ পৰা আমদানি কৰা নেতাক লৈ গৌৰৱ কৰাৰ কোনো কাৰণ নাই। কাৰণ কংগ্ৰেছত অলেখ ন ন প্ৰতিভাধাৰী ব্যক্তি আছে। নল মৰিলে গজালি উলাবই। কংগ্ৰেছৰ যোৱাবাৰ গলে নতুন আহিব। উক্ত সভাত উপস্থিত থাকে প্ৰশাসনিক সম্পাদক বিমল দাস, সাংগঠনিক সম্পাদক ধন মহম্মদ, মহিলা সভানেত্ৰী হাফিজা বেগম, জ্যেষ্ঠ কংগ্ৰেছ নেতা জ্যোতি গগৈ, NSUIৰ সভাপতি, লখিমপুৰ ব্লক , নগৰ ব্লক, তেলাহী ব্লক, ঢকুৱাখনা ব্লক, ঘিলামৰা ব্লক, বগীনদী ব্লক, নাওবৈছা ব্লক আদিৰ সভাপতিসহ বহুতো কংগ্ৰেছ নেতা-কৰ্মী উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: