অসম

ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত হিন্দু জাপৰিত নামঘৰ প্ৰতিষ্ঠা

সংবাদদাতা, লাহৰীঘাট:- মৰিগাঁও জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই মানচিত্ৰ সলনি কৰা ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত হিন্দু জাপৰিৰ বৰনামঘৰ টিত আজি নতুনকৈ প্ৰতিষ্ঠা কৰা হয় আসন। সেই উপলক্ষে বুধবাৰে বৰনামঘৰ প্ৰাঙ্গনত আয়োজন কৰা হয় দিনযোৰা কাৰ্যসূচী। নাম প্ৰসঙ্গকে প্ৰমোখ্য কৰি বিভিন্ন মাঙ্গলিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে অঞ্চলৰ ভক্ত প্ৰাণ ৰাইজে। ভকতি ৰসেৰে মুখৰিত হয় বৰ নামঘৰ প্ৰাঙ্গন। পূৰ্বৰ ৰীতি নীতি পৰম্পৰা ৰক্ষা কৰি গোঁসায়ে প্ৰতিষ্ঠা কৰে আসন। পঞ্চাশ বছৰ গড়কা ঐতিহ্যপূৰ্ণ নামঘৰ টি আজিও চৰকাৰৰ দ্বাৰা অৱহেলিত। যাৰ বাবে ৰাইজে মিলি মনিকূটটি পুনৰ নিৰ্মাণ কৰি নতুনকৈ প্ৰতিষ্ঠা কৰিছে আসন। চৰকাৰ তথা স্থানীয় বিধায়কক নামঘৰ টি উন্নয়নৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাই স্থানীয় লোকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: