অসম
ভূৰাগাঁৱৰ ফলিহামাৰীত ভয়াৱহ অগ্নিকাণ্ড; ভস্মীভূত চাৰিটাকৈ বাসগৃহ

সংবাদদাতা, লাহৰীঘাট:- মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ফলিহামাৰীত আজি ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডটোত ভস্মীভূত চাৰিটাকৈ বাসগৃহ। অগ্নিকাণ্ডটোত আমজত আলী আৰু শিৰাজুল ইছলামৰ নামৰ লোক দুজনৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায়। স্থানীয় ৰাইজৰ লগতে দুখন কৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে অগ্নি নুমাবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডটোত চাৰিটাকৈ গৃহৰ লগতে সকলো সা-সম্পত্তি ভষ্মিভুত হৈ যায় জুইৰ লেলিহান শিখাত। অগ্নিকাণ্ডটো কিহৰ পৰা সংঘটিত হ’ল সঠিককৈ বিৱৰণ দিৱ নোৱাৰিলেও স্থানীয়া ৰাইজৰ মতে গেছ ছিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।