অসম

ভেৰগাঁও চাহ বাগিচাৰ পৰিচালক নৱ প্ৰকাশ বৰাৰ সাংবাদিকৰ সৈতে মত-বিনিময়

অতিমাৰী কোৰোনাক পৰাস্ত কৰিবলৈ ৰাইজক আহ্বান

সংবাদদাতা, টংলা: বিশ্বজুৰি অতিমাৰী কৰ’নাই ভয়-আতংকৰ সৃষ্টি কৰাৰ ফলশ্ৰুতিত এচাম লোক এতিয়াও সচেতন হোৱা নাই৷ বিভিন্ন প্ৰচাৰ মাধ্যম, চৰকাৰী, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, স্বাস্থ্য বিভাগে দিনে-নিশাই নিৰন্তৰে গণ সচেতনতা আনিবলৈ প্ৰয়াস কৰি আহিছে যদিও অন্ধ বিশ্বাসৰ কৱলত পৰি পঞ্জীয়নৰ দ্বাৰা ১৮- ৪৪বছৰ বয়সলৈকে বিনামূলীয়া ক’ভিড ভেকচিন আজিও লোৱা পৰিলক্ষিত হোৱা দেখা নাই৷ ভেৰগাঁও চাহ বাগিচাতো অতিমাৰী কৰ’নোই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত পৰিচালক নৱ

প্ৰকাশ বৰাই উদ্বেগ প্ৰকাশ কৰি সাংবাদিকৰ আগত কয় যে ভেৰগাঁও চাহ বাগিচাত বৰ্তমান ছয়জনৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে বাগানৰ ৪জন আৰু ওচৰৰ গাঁৱৰ দুজন৷ তেওঁলোক সম্প্ৰতি ভেৰগাঁও আদৰ্শ চিকিৎসালয়ত চিকিৎসা ধীন হৈ আছে৷ আক্ৰান্ত ব্যক্তি সকলৰ আশু আৰোগ্য কামনা কৰিলো৷ বাগানৰ কৰ্ম কৰ্তাৰ জৰিয়তে ১৮ ৰ পৰা ৪৪বছৰ লৈকে আমি বাগানৰ কৰ্মচাৰীসকলোকে স্বাস্থ্য পৰীক্ষা কৰি পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰী বিনামূলীয়া প্ৰতিষেধক ল’বলৈ আহ্বান জনাইছিলো

যদিও বহুতে সঁহাৰি নিদি সন্ত্ৰসিত হৈ লোৱা নাই৷ ভেকচিন ললে কৰ’না হ’ব, কোৰোনা হ’লে কামত যাব নোৱাৰিম, দা দৰমহা নাপাম নানানটা অজুহাত উলিয়াই ভেকচিন লোৱা নাই৷ কৰ’নো মহামাৰীত আক্ৰান্ত ব্যক্তি সকলক বাগানৰ কৰ্তৃপক্ষই কোম্পানীৰ বা দ্বাৰা দৰমহা দিয়াত কাৰ্পণ্য নকৰো, বিশেষ ৰেচন পাতি, ফল মূল জাতীয় বস্তু দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ কাম নকৰিলেও তেওঁলোকৰ পাৰি শ্ৰমিক দিয়াৰ সু-ব্যৱস্থা কৰা হ’ব বুলিও জানিব দিয়ে পৰিচালক নৱ প্ৰকাশ বৰাই৷ সংবাদ মাধ্যমৰ

যোগেদি পৰিচালক গৰাকীয়ে ৰাইজলৈ আহ্বান জনায় কয় যে অতিমাৰী কৰ’নাক মাৰবান্ধি প্ৰতিৰোধ কৰিবলৈ হ’লে দুপালি প্ৰতিষেধক ল’বই লাগিব নহ’লে গত্যন্তৰ নাই৷ ভেৰগাঁও অঞ্চলৰ বিভিন্ন ছাত্ৰ সন্থা, মজদূৰ সংগঠন আদিৰ জৰিয়তে মজদূৰ ৰাইজক সজাগ সচেতন কৰি অতিমাৰী কোৰোনা প্ৰতিৰোধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অসম বা গোটেই ভাৰতবৰ্ষতে নিৰ্মূল কৰিবলৈ হলে আমি কোৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ মাৰবান্ধি থিয় হব লাগিব বুলি জনায় ভেৰগাঁও চাহ বাগিচাৰ পৰিচালক নৱ প্ৰকাশ বৰাই৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: