অসম

ভেৰগাঁও দোংপাৰাত ৪ৰ্থ তম্ ৰাভা লোককৃষ্টি কৰ্মশালা

সাহিত্যিক ৰাজেন পামৰ সোঁৱৰণীত পাঁচদিনীয়া কৰ্মশালা

সংবাদদাতা, টংলা:- ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনৰ উদ্যোগত আৰু ভেৰগাঁও আঞ্চলিক ৰাভা জাতীয় সংগঠন সমূহৰ সহযোগত ৮ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া ৰাভা লোক কৃষ্টি কৰ্মশালা ওদালগুৰি জিলাৰ অন্তৰ্গত ভেৰগাঁও দোংপাৰাত অনুষ্ঠিত হৈ আছে। ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পাৰ, ভাষা, লোক সংস্কৃতি আদি জীয়াই ৰখাৰ প্ৰচেষ্টাৰে বিগত চাৰিটা বছৰে ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনে ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চল সমূহত এনেধৰণৰ ৰাভা লোক কৃষ্টি কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। ৰাভা জনগোষ্ঠীৰ নৱপ্ৰজন্মক জনগোষ্ঠীয় সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰি নিজৰ লোক কৃষ্টিৰ মহত্ত্ব আৰু কেনেকৈ সমাজত জীয়াই ৰাখিব লাগিব তাৰ সঠিক জ্ঞান দিবলৈ বিগত চাৰিটা বৰ্ষত অহৰহ চেষ্টা কৰি আহিছে ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনে। তেনে এক মানসিকতাৰেই এইবেলি ভেৰগাঁও দোংপাৰাত ৰাভা জনগোষ্ঠীৰ সাহিত্যিক, শিল্পী, শিক্ষক তথা সমাজ সেৱক প্ৰয়াত ওজা ৰাজেন পামৰ সোঁৱৰণীত অনুষ্ঠিত হৈ আছে উক্ত লোক কৃষ্টি কৰ্মশালা। ১২ ডিচেম্বৰত সামৰণি পৰিবলগীয়া উক্ত কৰ্মশালা খনত প্ৰায় তিনি শতাধিক ৰাভা যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰি আছে। আনহাতে ১২ ডিচেম্বৰ অৰ্থাৎ ৰাভা লোক কৃষ্টি কৰ্মশালা সামৰণি অনুষ্ঠানত উপস্থিত থাকিব পদ্মশ্ৰী ড° বিৰুবালা ৰাভা।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: