অসম

ভেৰগাঁৱত মহকুমা প্ৰশাসনৰ ৮২তম দেশভক্তি দিৱস উদযাপন

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ অন্তৰ্গত ভেৰগাঁও মহকুমা প্ৰশাসনৰ সৌজন্যত আৰু ভেৰগাঁও মহকুমাৰ জনসংযোগ বিষয়া কাৰ্যালয়ৰ উদ্যোগত আজি দেশভক্ত তৰুণ ৰাম ফুকনৰ ৮২ তম মৃত্যু বাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে সংগতি ৰাখি মহান ব্যক্তিজনৰ স্মৃতি দিৱসতি পালন কৰা হয়।এই মহান দেশভক্ত পুৰুষ জনক সন্মান জনাই

তেখেতৰ নিতি আদৰ্শক স্মৰণ কৰি কৰ’না মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি উদযাপন কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি  দিপক ভূঞা, মুখ্য বক্তা খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক পবিত্ৰ শৰ্মাকে ধৰি ভেৰগাঁও মহকুমাৰ কাৰ্য্যকৰ্তাৰ লগতে বিভিন্ন গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: