অসম

ভেৰগাঁৱৰ কাকৰামাৰিত বাইখো পূজাৰ উৰ্গিতা প্ৰদৰ্শন

সংবাদদাতা, টংলা:- ওদালগুৰি জিলা ভেৰগাঁৱৰ কাকৰামাৰিত বাইখো পূজাৰ উৰ্গিতা প্ৰদৰ্শন কৰা হয়। উৰ্গিতা হ’ল ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বাইখো পূজাৰ প্ৰাৰ্থনা। বাইখো পূজা সাধাৰণতে জেঠ মাহত অনুষ্ঠিত কৰা এক পৰ্ব। ৰাভা জনগোষ্ঠীৰ লোক সকলে সকলোৰে অপায় অমঙ্গল দূৰ হোৱাৰ উপৰিও কৃষিৰ লগত সংগতি ৰাখি বাইখো পূজাত উৰ্গিতা প্ৰদৰ্শন কৰা হয়। আজি কাকৰামাৰিত থকা বাইখো উদ্যানত সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন কৰাৰ উপৰিও জনগোষ্ঠীৰটোৰ লোক সকলক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। বিগত ১৯ বছৰে এনেদৰে ওদালগুৰি জিলাৰ ভেৰগাঁৱত এই পূজা অনুষ্ঠিত কৰি আহিছে। বিশেষকৈ দেৱ দেৱীক সন্তুষ্ট কৰিবলৈ এই উৰ্গিতা আয়োজন কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: