অসম

ভৈৰৱকুণ্ড আৰু ভূতিয়াচাংত উজ্বলি উঠিল ভাৰতৰ বিভিন্ন ৰাজ্যৰ সাংস্কৃতিক নৃত্য

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অমৃত মহোৎস

সংবাদদাতা, টংলা:- অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু ডিমাপুৰস্থিত উত্তৰ পূৱ সাংস্কৃতিক মাণ্ডলিক কেন্দ্ৰ উদ্যোগত অনুষ্ঠিত সাংস্কৃতিক প্ৰদৰ্শনৰ আজি সমাপ্ত হয়। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচী প্ৰথম দিনা ওদালগুৰি জিলাৰ ভৈৰবকুণ্ড সমিপৰ ধনশ্ৰী ৰিজৰ্টত আৰু দ্বিতীয় দিনৰ কাৰ্যসূচী ৰূপায়ণ হয় ওদালগুৰি জিলাৰ ভূটীয়া চাঙত।
জাতি-জনগোষ্ঠীৰ সমন্বয় ৰক্ষা কৰি একেডাল এনাজৰীৰে আগবাঢ়ি যোৱাৰ মানসেৰে অইন বছৰৰ দৰে এইবেলিও কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত, অসম সাংস্কৃতিক পৰিচালনা মন্ত্ৰালয় আৰু উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰীয় ডিমাপুৰৰ উদ্যোগত এই বেলি ভাৰত ভূটান সীমান্তৰ ভৈৰবকুণ্ডৰ ধনশ্ৰী ৰিজৰ্ট অডিটৰিয়াম হলত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। চিত্ৰ শিল্পী তথা আৰ্টিচভিলেজৰ প্ৰতিষ্ঠাপক ৰবিৰাম ব্ৰহ্মাই উদ্বোধন কৰা অনুষ্ঠানত উত্তৰাখণ্ড, কেৰেলা, মিজোৰাম, অৰুণাচল প্ৰেদেশ লগতে অসমৰ বিহু, কোচ ৰাজবংশী, বড়োৰ বাগুৰুমবা শিল্পী সকল অংশগ্ৰহণ কৰে। আনহাতে ভূতিয়াচাংত আজি এই অনুষ্ঠানত অনুষ্ঠিত হয়। উল্লেখযোগ্য যে এই অনুষ্ঠান বিশেককৈ ভাৰত ভূটান সীমান্ত আৰু ভাৰত বাংলা সীমান্ত হয় বুলি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰচাৰ বিষয়া আভা ৰাণী শইকীয়াই জানিবলৈ দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: