অসম

ভোল, জিকা, ভাত কেৰেলা, বেঙেনা খেতিৰে আত্মনির্ভৰ প্ৰগতিশীল কৃষক কমলেশ্বৰ ডেকা

সংবাদদাতা, টংলা:- ভেৰগাঁও মহকুমাৰ কুলশী নৈৰ বানে বিধ্বস্ত কৰা গাঁও মাজগাঁও চাতিয়াপাৰা নিবাসী কমলেশ্বৰ ডেকাই(৪৬)য়ে ১৭ বছৰ ধৰি ৰবি শস্যৰ খেতিৰে আত্মনির্ভৰ হৈ নিবনুৱা বা চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰা যুৱক-যুৱতীসকলৰ বাবে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।গাঁঠিৰ ধন ভাঙি অত্যন্ত পৰিশ্ৰম কৰি নিজৰ ৫বিঘা মাটিত ভোল, জিকা, বেঙেনা, ভাত কেৰেলা, আদা,

হালধী, লেচেৰা,পানীলাউ আদি খেতিৰে স্বাৱলম্বী হৈ মাহে ১৫ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা ডেকাই আন দহ গৰাকী যৱক বা যুৱতীৰ অনন্য চানেকি দাঙি ধৰি চৰকাৰে ঘোষণা কৰা আমাৰ পথাৰ আমাৰ বজাৰ শ্লোগানক সাকাৰ ৰূপ  দিবলৈ সক্ষম হৈছে যদিও বৰ্তমান কোৰোনা কালত ফচলৰ উচিত মূল্য নাই পোৱা।এখন সঠিক বজাৰ নাই পোৱা। বৰ্তমান সময়ত ক’ভিড-১৯ অতিমাৰীৰ

ভয়াবহতাৰ বাবে আৰ্জিত ধনেৰে পৰিয়াল  পোহপালনত  কিছু পৰিমাণে বেমেজালিয়ে দেখা দিছে যদিও পিতৃ পূৰণ ডেকা, মাতৃ কহেশ্বৰী ডেকা, পৰিবাৰৰ লগতে  একমাত্ৰ কন্যা সন্তানৰ শিক্ষা-দীক্ষা গ্ৰহণত বাধা নোহোৱাকৈ সুন্দৰ শান্তিপূৰ্ণভাৱে পৰিয়াল পৰিচালনা কৰি আহিছে।চৰকাৰে  ঘোষণা কৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধন আবেদন কৰা স্বত্তেও লাভ কৰা নাই বুলি জানিব দিয়া খেতিয়ক গৰাকীয়ে পাঁচ বিঘা মাটিত ধান খেতিও কৰি আহিছে।

কৃষিৰে জীৱন জীৱিকা ৰূপায়ণ কৰা সফল ৰূপকাৰজনে আৰ্থিক দৈন্যৰ মাজতো হাৰ নামানি বছৰটোৰ বাৰে মাহে খেতি কৰি  আদৰ্শ খেতিয়ক হিচাপে পৰিগণিত হৈছে যদিও চৰকাৰী সা- সুবিধা বা কৃষি বিভাগৰ পৰা আজিলৈকে স্বীকৃতি পোৱা নাই। জৈৱিক  আৰু কিছু পৰিমাণে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা কমলেশ্বৰ ডেকাৰ দৰে প্ৰগতিশীল কৃষক সকলক চৰকাৰে চকু মেলি চাই কঠোৰ পৰিশ্ৰমৰ উচিত মৰ্যাদা দিবনে? আজিৰ তাৰিখত লক্ষণীয় হৈ পৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: