অসম

মইনা পাৰিজাতৰ বৰ্ষজোৰা সোণালী জয়ন্তী আৰম্ভ

সংবাদদাতা, পশ্চিম যোৰহাট:- সদৌ অসম মইনা পাৰিজাত, যোৰহাট জিলা মইনা পাৰিজাতৰ অধীনস্থ উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক মইনা পাৰিজাত ১৯৭২ চনৰ ১০ ডিচেম্বৰত প্ৰতিষ্ঠা হৈছিল। বৰ্ষজোৰাকৈ সোণালী জয়ন্তী পালনৰ উদ্দেশ্যে আজি ১০ ডিচেম্বৰত প্ৰতিষ্ঠা দিৱসৰ দিনাই মইনা পাৰিজাতৰ কাৰ্যালয় প্ৰাঙ্গনত পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। আঞ্চলিক মইনা পাৰিজাতৰ পতাকা উত্তোলন কৰে বিপুল হাজৰিকাই, স্থানীয় মইনা পাৰিজাতৰ পতাকা উত্তোলন কৰে জিনা বৰুৱাই। সম্পাদিকা মৃদুস্মিতা বৰুৱাই আঁত ধৰা অনুষ্ঠানত কৰ্মীসকলৰ স্মৃতিত আৰু শ্বহীদ দিৱসৰ দিনা ৮৫৫জন শ্বহীদৰ স্মৃতিত ধূপ-দীপ প্ৰজ্বলন কৰে দেৱেন চন্দ্ৰ বৰাই। চিত্ৰৰঞ্জন বৰুৱা, ৰাতুল বৰুৱা, ৰমেন শইকীয়া, নিপু হাজৰিকা, ৰমেন বৰা, দীপক হাজৰিকাৰ লগতে পতাকা উত্তোলক আৰু উপস্থিতসকলে পুষ্পাঞ্জলি অৰ্পণ কৰে। আগন্তুক বৰ্ষটোত আঞ্চলিক মইনা পাৰিজাতখনৰ প্ৰতিষ্ঠা দিৱস বিভিন্ন শাখা মইনা পাৰিজাতসমূহত পালনৰ লগতে সক্ৰিয়-নিক্ৰিয় সকলো শাখাতে একোখনকৈ কৰ্মী সন্মিলন অনুষ্ঠিত কৰিবলৈ আৰু বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ অন্তত ২০২২ বৰ্ষৰ ১০ ডিচেম্বৰৰ দিনাই বৰ্ষজোৰা সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ পৰিকল্পনা কৰে। এই কাৰ্যৰ সফল ৰূপায়ণত অঞ্চলৱৰ্তী ৰাইজৰ সহায়-সহযোগিতা আঞ্চলিক মইনা পাৰিজাতৰ বিষয়ববীয়াসকলে কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: