অসম

মঙ্গলবাৰৰ পৰা আৰম্ভ হ’ল সৰুপথাৰত পঞ্চম বাৰ্ষিক নৈশ বেডমিণ্টন প্ৰতিযোগিতা

অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈৰ অংশগ্ৰহণ

সংবাদদাতা, ধনশিৰি:- সৰুপথাৰ টেঙাহোলা বেডমিণ্টন ক্লাৱৰ উদ্যোগত মঙ্গলবাৰৰ পৰা আৰম্ভ হ’ল দুদিনীয়াকৈ ২২ আৰু ২৩ ফেব্ৰুৱাৰী তাৰিখে পঞ্চম বাৰ্ষিক সদৌ অসম নৈশ বেডমিণ্টন প্ৰাইজমানি প্ৰতিযোগিতা। টেঙাহোলা বেডমিণ্টন ক্লাৱৰ প্ৰাঙ্গনত আৰম্ভ হোৱা এই বেডমিণ্টন প্ৰতিযোগিতাৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে টেঙাহোলা বেডমিণ্টন ক্লাৱৰ সভাপতি মণ্টু গোঁহায়ে আৰু স্মৃতি তৰ্পণ কৰে বৰপথাৰ মৌজাৰ মৌজাদাৰ ভাগ্যনাথ সন্দিকৈয়ে। প্ৰতিযোগিতাৰ আৰম্ভণিতে গোলাঘাটৰ পৰা অহা এটি দলে সুন্দৰকৈ যোগ প্ৰদৰ্শন কৰি উপস্থিত সকলো ৰাইজৰে দৃষ্টি আকৰ্ষণ কৰে। পৰৱৰ্তী সময়ত ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞাই ফিতা কাটি বেডমিণ্টন খেলৰ শুভাৰম্ভ কৰাৰ লগতে প্ৰদৰ্শনী হিচাপে বেডমিণ্টন খেলত ভাগ লয়। আৰক্ষী বিষয়াজনে আয়োজক সমিতিক ধন্যবাদ দি কয় এনেধৰণৰ খেলে উঠি অহা প্ৰজন্মক এটি ভালপথত আগবঢ়াই নিয়াৰ লগতে শাৰীৰিক আৰু মানসিকভাৱেও সুস্থ সবল কৰি ৰাখে। ইয়াৰ উপৰিও বৰ্তমান সময়ত উঠি অহা প্ৰজন্ম যি ধৰণে নিচাযুক্ত দ্ৰব্যৰ কবলত পৰিছে তাৰ পৰাও আতৰত ৰাখিব পাৰি। গতিকে এনে ধৰণৰ বিভিন্ন খেল-ধেমালি পাতি থকাটো খূবেই প্ৰয়োজন। ইফালে আয়োজক সমিতি টেঙাহোলা বেডমিণ্টন ক্লাৱে বিভিন্ন সময়ত ধনশিৰি মহকুমাৰ ল’ৰা-ছোৱালীক প্ৰশিক্ষণ দি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰি গৈছে। টেঙাহোলা বেডমিণ্টন ক্লাৱৰ সদস্যসকলে এই পঞ্চম বাৰ্ষিক সদৌ অসম বেডমিণ্টন প্ৰতিযোগিতাখনত ৰাইজৰ তথা খেলুৱৈৰ সুন্দৰ সঁহাৰি লাভ কৰাত উৎফুল্ল হৈ পৰে আৰু অনাগত দিনত ইয়াতকৈও উন্নত মানদণ্ডৰে খেল আয়োজন কৰিম বুলি জনায়।

Show More

Leave a Reply

Your email address will not be published.

Back to top button