অসম

মঞ্চ শিল্পীৰ দ্বাৰা আকাশ চোৱাৰ হেঁপাহ এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডছ জামুগুৰিহাটৰ মঞ্চ শিল্পী গোপাল কৃষ্ণ বৰাৰ

সাংবাদদাতা, জামুগুৰিহাট:- শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধোবাকটা গাঁৱত ১৯৭০ চনত জন্মলাভ কৰা গোপাল কৃষ্ণ বৰা এগৰাকী ৫১ বছৰীয়া মঞ্চ শিল্পী। চৰকাৰী সাহাৰ্য্য তথা শিল্পী পেঞ্চনৰ অভাৱত শিল্পীৰ পৃথিৱীত অপৰিচিত হৈ ৰোৱাসকলৰ ভিতৰত তেওঁ এজন। গোপাল কৃষ্ণ বৰাই নাটক, ভাওনা আৰু সাংস্কৃতিক অনুষ্ঠানবোৰৰ সৈতে বহুবছৰ ধৰি জড়িত হৈ আছে।

শিশু অৱস্থাতে অংকীয়া ভাওনাৰ যোগেদি তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। দীৰ্ঘদিন সাধনা অব্যাহত ৰখাৰ পিছত তেওঁ তৰুণ শইকীয়াৰ “বিশ্বাসে মিলয় হৰি” নাটকত অভিনয় কৰি সামাজিক নাটকত প্ৰৱেশ কৰে। তাৰপিছত অতুল বৰাৰ “এজেন্ট টু টু”, কুশল কৃষ্ণ দেৱ গোস্বামীৰ “মুক্তিহীনৰ আত্মকথা”, বলদেৱ শইকীয়াৰ

“চকুলো নিৰৱে সৰে”, টিকেন্দ্ৰজিৎ মজুমদাৰৰ “অভিনন্দন” আদি নাটকত অভিনয় কৰি তেওঁৰ অভিনয় দক্ষতাৰে দৰ্শকক মোহিত কৰিবলৈ সক্ষম হৈছে। গুৰু দুজনাৰ অমৰসৃষ্টি নতুন প্ৰজন্মক বিলোৱাৰ হেঁপাহেৰে তেওঁ কৰা অপৰিসীম সাধনা, কষ্টৰ ফলশ্ৰুতিয়ে সাহিত্য-সমাজ, সাংস্কৃতিক সেৱা মঞ্চৰ লগতে জামুগুৰিহাটৰ বাপুজি ভৱনৰ ৰঙ্গমঞ্চকে আদি কৰি জিলাখনৰ

কেইবাখনো আগশাৰীৰ ৰঙ্গমঞ্চত অভিনয় প্ৰদৰ্শন কৰাৰ পাৰদৰ্শিতাৰ বাবে গোপাল কৃষ্ণ বৰাক ২০১০ চনত শঙ্কৰী সংগীতৰ বিষাৰদ, ২০১৩ চনত শ্ৰীমন্ত শংকৰদেৱ সংঘই যোৰহাট তিতাবৰত এছিষ্ট ৱৰ্ল্ড ৰেকৰ্ডছ, ২০২০ চনত গুৱাহাটি অসম ৰাজ্যিক গড়কাপ্তানি প্ৰেক্ষাগৃহত অসম গৌৰৱ বঁটা প্ৰদান কৰাৰ লগতে বহুকেইটা বঁটা পাবলৈ সক্ষম হৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: