অসম

মধ্য যোৰহাটত ক’ভিড সজাগতাৰ কাৰ্য্যসূচী

সংবাদদাতা, বাহনা:- মধ্য যোৰহাট শিক্ষা খণ্ডৰ অন্তৰ্গত ৰাজৈ আৰু বাদুলিপুখুৰী মণ্ডলত আজি ক’ভিড-১৯ ৰ সজাগতাৰ এক কাৰ্যসূচী সম্পন্ন হয়। মধ্য হোলোঙাপাৰ মজলীয়া বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা সজাগতা শোভাযাত্ৰা দিহা চাহ বাগান আৰু অন্যান্য স্থানলৈ যায়। খণ্ড সমল সমন্বয়ক নিজান্ত পাঠকৰ পৰিচালনাত হোৱা কার্যসূচীত ২৩ নং মধ্য হোলোঙাপাৰ গাঁও পঞ্চায়তৰ সভাপতি পৰাগ বৰগোঁহাই,

আশাকৰ্মী সুগন্ধি বৰুৱা, অংঙ্গনাবাদী কৰ্মী কৰৱী শইকীয়া প্ৰমুখ্যে বিভিন্নজনে অংশগ্ৰহণ কৰে। মণ্ডল সমল সমন্বয়ক ত্ৰয় জ্যোতিপ্ৰসাদ বৰা, নয়নমণি কলিতা, নিৰঞ্জন ভূঞাই বিভিন্ন স্থানত ক’ৰনা সংক্ৰমণ আৰু ল’বলগীয়া সাৱধানতাৰ বিষয়ে ব্যাখ্যা কৰে। মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়,ৰাজৈ মধ্য ইংৰাজী বিদ্যালয়, মধ্য হোলোঙাপাৰ মজলীয়া বিদ্যালয়,

ৰামেশ্বৰ বৰা প্ৰাথমিক বিদ্যালয়,৫৮৮ নং ৰাজৈ বনুৱা প্ৰাথমিক বিদ্যালয়,দিহা বাউৰি বস্তি প্ৰাথমিক বিদ্যালয়, বাপুজী আদর্শ প্ৰাথমিক বিদ্যালয় আদিৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰা কার্যসূচীত মাস্ক,চাবোন,ছেনিটাইজাৰ বিতৰণ কৰে। উল্লেখ্য,পঞ্চায়তৰ সভাপতি আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে সামগ্ৰী সমূহ প্ৰদান কৰিছিল।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: