অসম

মন্দিয়াৰ কপোহাত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিবলৈ ভুক্তভোগী মহিলাৰ মুখ্যমন্ত্ৰীক আহ্বান

সংবাদদাতা, বৰপেটা : বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিয়াৰ সমীপৱৰ্তী কপোহাত আজি মাইক্ৰ’ফাইনেন্সৰ ঋণ লাভ কৰা একাংশ দৰিদ্ৰ পৰিয়ালৰ মহিলাই একত্ৰিত হৈ ক’ভিড প্ৰ’টকল ৰক্ষা কৰি মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়। উল্লেখ্য যে, কৰ’না কালত লকডাউনৰ ফলত উপাৰ্জনৰ পথ বন্ধ হোৱাৰ

উপক্ৰম ঘটা দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলে সদ্য বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই দিবলৈ কাতৰ দাবী জনায়। সম্প্ৰতি বৃহত্তৰ অঞ্চলটোৰ ঋণ পৰিশোধ কৰিব নোৱাৰা প্ৰায় শতাধিক মহিলা একগোট হৈ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীক উক্ত ঋণ ৰেহাইৰ বাবে দাবী জনাই কয় যে, সম্প্ৰতি লকডাউনৰ ফলত

সকলো কাম-কাজ বন্ধ হোৱাৰ ফলত সকলোৱে জুৰুলা হৈ পৰিছে। পিছে প্ৰতি সপ্তাহত বন্ধন বেংকত দিবলগীয়া কিস্তি পৰিশোধ কৰিব নোৱাৰা হৈ পৰিছে। ফলত মানসিক চাপত ভূগিবলগীয়া হৈ পৰিছে। সেয়ে শীঘ্ৰে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি মতে মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ পৰা ৰেহাই দিয়াৰ ব্যৱস্থা কৰি সুখী কৰাৰ বাবে আহ্বান জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: