অসম

মহানগৰীৰ মাজমজিয়াৰ পৰা সন্ধানহীন মাজুলীৰ যুৱক

ষ্টাফ ৰিপ’ৰ্টাৰ:- যোৱা ২০ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে গুৱাহাটী মহানগৰীৰ দিশপুৰ আৰক্ষী থানৰ অন্তৰ্গত সৰুমতৰীয়াৰ বাঘেশ্বৰী মন্দিৰৰ সমীপৰ চৰাজ নগৰৰ ২৯ বছৰীয়া সনদীপ ভূঞা নামৰ যুৱকজন। এটা ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী আছিল সনদীপ। ২০ নৱেম্বৰত কৰ্মসূত্ৰে মালিগাঁৱলৈ গৈছিল সনদীপ। নিজৰ AS 01 DL1019 Bajaj Pulsar NS160 বাইক লৈ বাহিৰত ওলাই গৈছিল আৰু তেতিয়াৰ পৰাই সন্ধান নাই যুৱকজন। ইতিমধ্যে মোবাইল ফোনটো অফ হৈ আছে যুৱকজনৰ। পৰিয়ালৰ লোকে পল্টনবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: