অসম
মহাপুৰুষ শংকৰদেৱ কলা-কৃষ্টি গৱেষণা কেন্দ্রৰ অধিৱেশন

সংবাদদাতা, পশ্চিম যোৰহাট:- যোৰহাট আৱৰ্ত ভৱনৰ সন্মুখৰ মহাপুৰুষ শংকৰদেৱ কলা-কৃষ্টি গৱেষণা কেন্দ্ৰৰ ৩৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন ২৭ ফেব্ৰুৱাৰীত কেন্দ্ৰত অনুষ্ঠিত হ’ব। সেইদিনা ভৱ গোস্বামীয়ে পুৱা পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ কৰিব বিপিন কাকতিয়ে। ৯: ৪৫ বজাৰ পৰা নাম-প্ৰসংগ কৰিব। দিনৰ ১১: ০০ বজাত ডক্টৰ অখিল চক্ৰৱৰ্তীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত বিশিষ্ট অতিথিৰূপে ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে অংশগ্ৰহণ কৰিব। সাধাৰণ সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱাই জনোৱা মতে, ২০১৯-২১ কাৰ্যকালত আজীৱন সভ্য পদ লোৱা সকলক মানপত্ৰ দিয়াৰ লগতে আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে নতুন সমিতি গঠন কৰিব। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে অধিৱেশনৰ সামৰণি পৰিব। উল্লেখ্য, ১৯৭১ চনৰ ১০ ছেপ্টেম্বৰত মহাপুৰুষ শংকৰদেৱ কলা-কৃষ্টি গৱেষণা কেন্দ্ৰ, অসম, যোৰহাট প্ৰতিষ্ঠা কৰিছিল।